চিদলীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা...

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লগতে লৈ কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে
চিদলীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা...
চিদলীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা...
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাং: ৰাজ্যৰ পাঁচখনকৈ বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন। পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত ৩১ নং চিদলী বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচন যথেষ্ট চৰ্চা লাভ কৰিছে।

তাৰে মাজত ৰাজনৈতিক মহলত চৰ্চিত হৈ আছে যে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ নিৰ্বাচনী মূল যুঁজখন শাসকীয় মিত্ৰজোঁটৰ ইউ পি পি এল আৰু বিৰোধী বি পি এফ দলৰ মাজতেই সীমাবদ্ধ থাকিব। সেই চৰ্চা চলি থকাৰ সময়তে সুদীৰ্ঘ ২৫ বছৰৰ মূৰত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰে কংগ্ৰেছ দলে।

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত এইবেলি কংগ্ৰেছৰ দলীয় টিকট লাভ কৰিছে চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ৱাৰীয়ে। চিদলী বিধানসভা সমষ্টিত বিশেষ সাংগঠনিক ভেঁটি নথকা কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে বড়োভূমিৰ ৰাজনীতিত দুই মুখ্য দল হিচাপে বিবেচিত ইউ পি পি এল আৰু বি পি এফ দলৰ শক্তিশালী প্ৰাৰ্থীৰ সন্মুখত কি ইছ্যু লৈ ভোটাৰ ৰাইজৰ মাজত যাব তাক লৈয়ো চৰ্চা হৈছে।

আজি তেওঁক এই বিষয়ে প্ৰশ্ন কৰাত ৱাৰীয়ে কয়- ৩১ নং চিদলী বিধানসভা সমষ্টিবাসী ৰাইজে দীঘলীয়া সময় ধৰি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলৰ প্ৰাৰ্থীক পোৱা নাই। বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ চমুকৈ বি এ চিৰ সময়ৰ পৰাই কেৱল বড়ো জাতীয়তাবাদী সংগঠনৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ বাধ্য হৈছিল।

তাৰ পিছত বি টি চি শান্তিচুক্তি আহিল। তেতিয়াও হাগ্ৰামাই মহিলাৰীৰ নেতৃত্বত বি পি এফ দলেও বড়োসকলক লৈ ৰাজনীতি কৰি গ'ল। ২০২০ চনত প্ৰমোদ বড়োৰ নেতৃত্বত বি টি আৰ শান্তি চুক্তিৰ পিছত আকৌ বড়ো জনগোষ্ঠীয় ৰাজনীতিয়েই চলি আছে ।

তাৰ বিপৰীতে কংগ্ৰেছ দলে কেৱল এটা জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ নেথাকি বি টি আৰ এলেকাত বসবাস কৰা সকলো ধৰ্মালম্বী লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ জনসাধাৰণৰ উন্নয়ণৰ হকে ৰাজনীতি কৰাত বিশ্বাসী। প্ৰাক্তন কংগ্ৰেছী নেতা লুইচ ইছলাৰীৰ পিছত সুদীৰ্ঘ ২৫ বছৰৰ মূৰত কংগ্ৰেছ দলে মোক এই ৩১নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

চিদলী সমষ্টিবাসী ৰাইজে এটা বিশেষ জনগোষ্ঠীৰ হৈ ৰাজনীতিৰ পৰা মুক্তি বিচাৰি আছিল আৰু এইবেলি চিদলী সমষ্টিবাসী ৰাইজৰ দীৰ্ঘদিন ধৰি মনত পুহি ৰখা কংগ্ৰেছ দলক ভোট দিবলৈ সক্ষম হ'ব। ৰাইজৰ আগত কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থী শক্তিশালী নহয়, শক্তিশালী কেৱল ভোটাৰ ৰাইজে হে।

ভোটাৰ ৰাইজে যাক ভাল পাই ভোটদান কৰিব তেওঁ হে শক্তিশালী হ'ব বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়। চিদলী সমষ্টিত এইবেলি উপ-নিৰ্বাচনত তেখেত ৫০ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলিও দাবী কৰে।

চিদলী সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ ওৱাৰীয়ে কাইলৈ ২৩ অক্টোবৰ তাৰিখে কাজলগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সম্পাদক জাকিৰ হুছেইন শিকদাৰ লগতে কেইবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতৃবৰ্গ আৰু সহস্ৰাধিক সমৰ্থকক লগত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি সদৰি কৰে।

চিদলীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা...
কোকৰাঝাৰত পত্নীৰ হাতত জীৱন হেৰুৱালে স্বামীয়ে ! দুই অভিযুক্তক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in