কোকৰাঝাৰৰ জনাঞ্চললৈ ওলাই আহিছে দুষ্পাপ্য সোণালী বান্দৰ

কোকৰাঝাৰৰ জনাঞ্চললৈ ওলাই আহিছে দুষ্পাপ্য সোণালী বান্দৰ
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰত জনাঞ্চললৈ ওলাই আহিছে দুষ্প্ৰাপ্য এটি সোণালী বান্দৰ। সচেতম মহলে কৰা মন্তব্য অনুসৰি বন ধ্বংসৰ কৰুণ পৰিণতিতে বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী।

বালাগাঁও ,ভূটীয়াপাৰা, মঞ্চৰগাঁৱত অকলশৰে সোণালী বান্দৰটোৱে ঘূৰি ফুৰিছে । সন্দেহ কৰা মতে জাকৰ পৰা ওলাই আহিছে সোণালী বান্দৰটো ।

ইফালে দুষ্পাপ্য সোণালী বান্দৰ চাবলৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ উৎসুকতা। ছাত্ৰী-ছাত্ৰীৰ লগতে অঞ্চলৰ ৰাইজে সোণালী বান্দৰ চাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়।

অঞ্চলটোৰ একাংশ প্ৰকৃতিপ্ৰেমী লোকে বন বিভাগে সোণালী বান্দৰটোক উদ্ধাৰ কৰি বনাঞ্চলত এৰি দিয়াৰ আহ্বান জনায়।

কোকৰাঝাৰৰ জনাঞ্চললৈ ওলাই আহিছে দুষ্পাপ্য সোণালী বান্দৰ
অম্বুবাচী উপলক্ষে বন্ধ হ'ল শ্ৰী শ্ৰী কাকগোসানী থানৰ প্ৰৱেশ দ্বাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in