কাজলগাঁৱত আছাৰ চিন্তন বৈঠক

কাজলগাঁৱত আছাৰ চিন্তন বৈঠক
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাং : সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ জিলা সমিতিৰ উদ্যোগত চিন্তন বৈঠক। কাজলগাঁৱৰ বড়োলেণ্ড অতিথিশালাত আদিবাসীসকলৰ বিভিন্ন সমস্যা লৈ অন্যান্য আদিবাসী সংগঠনসকলৰ সৈতে এক চিন্তন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত বিগত সময়ছোৱাত গোষ্ঠীগত সংঘৰ্ষৰ বলি হৈ নিজৰ পট্টা মাটিৰ ঘৰদুৱাৰ, কৃষিভূমি হেৰুৱাই এতিয়াও বিভিন্ন ঠাইত চৰকাৰী ভূমি নাইবা আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। সেই সংঘৰ্ষ পীড়িত আদিবাসী লোকসকলক আজিও পুনঃসস্থাপনৰ কোনো ব্যবস্থা বিটিচি প্ৰশাসন নাইবা অসম চৰকাৰে নকৰাৰ বিষয়টো আলোচনা কৰা হয় ।

ইয়াৰ বাবে বিটিচিৰ পূৰ্বৰ লগতে বৰ্তমানৰ প্ৰশাসন লগতে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে আছাই । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ (আছা)ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমিহীন লোকক ভূমিৰ প্ৰট্টা প্ৰদান, লগতে বিভিন্ন সমস্যা সমাধানৰ বাবে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে চিন্তন বৈঠকত আলোচনা কৰি কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই কথা চিন্তন বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত চিৰাং জিলা আছাৰা সম্পাদক ৰাইছেন টুডুয়ে সদৰি কৰে । তেওঁ লগতে কয় যে বৰ্তমান অসমৰ বিজেপি নেতৃত্বাধীন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও আদিবাসীসকলৰ অধিকাৰক লৈ কেৱল নিৰ্বাচনী ইচ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু আদিবাসী সকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

এতিয়া আদিবাসীসকলে চৰকাৰৰ এই প্ৰতাৰণা কৰাটো বিষয়টো আছা তথা আদিবাসী দল সংগঠনে সহ্য নকৰে । যদি চৰকাৰে আদিবাসী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধান নকৰে তেনেহলে ইয়াৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থাই বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি হুংকাৰ প্ৰদান কৰে ।

কাজলগাঁৱত আছাৰ চিন্তন বৈঠক
ঢকুৱাখনাত অসম গণ পৰিষদৰ প্ৰতিনিধিত্বমূলক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in