এম বাথাক মুক্তি নিদিয়ালৈকে শান্তি আলোচনা বন্ধ ৰখাৰ হুংকাৰ এন এল এফ বিৰ

এম বাথাক মুক্তি নিদিয়ালৈকে শান্তি আলোচনা বন্ধ ৰখাৰ হুংকাৰ এন এল এফ বিৰ

author-image
Asomiya Pratidin
New Update
এম বাথাক মুক্তি নিদিয়ালৈকে শান্তি আলোচনা বন্ধ ৰখাৰ  হুংকাৰ এন এল এফ বিৰ

ডিজিটেল সংবাদ,কোকৰাঝাৰ : অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি অহা এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া সংগঠনটোৰ ৷ কোকৰাঝাৰৰ চান্দামাৰী ডেজিগনেটেড শিবিৰত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন এল এফ বিৰ অধ্যক্ষ আই বুংথিগ্ৰা ওৰফে বিক্ৰম ইছলাৰীয়ে ৷

তেওঁ কয় যে, এম বাথাক গ্ৰেপ্তাৰৰ আঁৰত ৰাজনৈতিক হেঁচা তথা ৰাজনৈতিক ষড়যন্ত্ৰ আছে ৷ ৰাজনৈতিক ষড়যন্ত্ৰৰে এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক ফঁচোৱা হৈছে ৷

যোৱা ২৫ জুলাইত গ্ৰেপ্তাৰৰ পিছত পুৰণি এটা গোচৰত এম বাথাক নিয়াই ৫দিনৰ বাবে নিজৰ জিম্মালৈ গুৱাহাটীলৈ লৈ যোৱা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এন এল এফ বিৰ অধ্যক্ষ আই বুংথিগ্ৰাই ৷ এম বাথাক মুক্তি নিদিয়ালৈকে শান্তি আলোচনা বন্ধ ৰখাৰ হুংকাৰ প্ৰদান আই বুংথিগ্ৰাৰ ৷

এম বাথাক গ্ৰেপ্তাৰ কৰাৰ পিচত বিষয়টোক লৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰে কোনো খা-খবৰ নোলোৱা কাৰ্যতো ক্ষোভ প্ৰকাশ এন এল এফ বিৰ ৷ উল্লেখ্য যে , বড়োলেণ্ড লিবাৰেশ্যন আৰ্মী ( বি এল এ) নামৰ নতুন সশস্ত্ৰ সংগঠনটোৰ সতে জড়িত থকাৰ অভিযোগত যোৱা ২৫ জুলাইত ওদালগুৰী আৰক্ষীয়ে এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষ এম বাথাক কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰি ওদালগুৰী লৈ গৈছিল ৷ ইফালে ১ আগষ্ট মঙলবাৰে এম বাথাক ২০১৪ চনৰ পুৰণি এটা গোচৰ সংক্ৰান্তত নিয়াই ৫ দিনৰ বাবে নিজৰ জিম্মালৈ নি গুৱাহাটীলৈ লৈ যায় ৷

Also Read: ভাৰত-ভূটান সীমান্তত আবকাৰী বিভাগৰ অভিযানঃ জব্দ ১০ লক্ষাধিক টকাৰ সুৰা, আটক

kokrajhar nlfb