APSC পৰীক্ষাত উজলিল বৰমাৰ টুটু ৰাণী মোছাহাৰী

APSC পৰীক্ষাত উজলিল বৰমাৰ টুটু ৰাণী মোছাহাৰী
Published on
Updated on

ডিজিটেল সংবাদ, বাক্সাঃ সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ বৰমাৰ ওপৰৰ দলবাৰী গাঁৱৰ যুৱতী। লোহিত চন্দ্ৰ মোছাহাৰী আৰু ললীতা মোছাহাৰীৰ কন্যা টুটু ৰাণী মোছাহাৰীয়ে সহকাৰী গাণনিক বিষয়া পদত সফলতাৰে উত্তীৰ্ণ হয় ৷

অতি ভিতৰুৱা গাঁৱৰ পৰা সফলতা অৰ্জন কৰাক লৈ বৰমা আঞ্চলৰ ৰাইজে উৎফুল্লিত হৈ পৰিছে ৷ ৯৭২ নং দোলবাৰী প্ৰাথমিক বিদ্যালয়ত বড়ো মাধ্যমত পঢ়ি, বৰিমাখা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয় । বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত পি, এইছ, ডি, কৰি আছে ৷

পিতৃ লোহিত চন্দ্ৰ মোছাহাৰীয়ে বৰিমাখা বজাৰত এখন সৰু ফাৰ্মাচী চলাই তিনিজনী কন্যাৰে পৰিয়াল কোনোমতে চলাই আহিছে ৷ ইপিনে মাতৃ ললীতা মোছাহাৰীয়েও গাহৰি পালন কৰি পৰিয়াল চলোৱাৰ কথা ব্যক্ত কৰে ৷ বড়ো মাধ্যমত পঢ়িও যে আগুৱাই যাব পাৰে তাকেই ব্যক্ত কৰে পিতৃ লোলিত চন্দ্ৰ মোছাহাৰীয়ে ৷

ফলাফল ওলোৱাৰ পিছতেই বাক্সা জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, বৰমা আঞ্চলিক এবছু, বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ লগতে স্থানীয় লোক সকলে আৰণাইৰে সম্ভাষণ জনাইছে ৷

APSC পৰীক্ষাত উজলিল বৰমাৰ টুটু ৰাণী মোছাহাৰী
অসম গ্ৰামীণ বিকাশ বেংকৰ গমিৰি শাখাৰ চুৰিকাণ্ডৰ ৪অভিযুক্তক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in