ইটোৰ পাছত সিটো বিতৰ্কত সাঙোৰ খাইছে ওদালগুৰি অসামৰিক চিকিৎসালয় : পঢ়ক সবিশেষ

ইটোৰ পাছত সিটো বিতৰ্কত সাঙোৰ খাইছে ওদালগুৰি অসামৰিক চিকিৎসালয় : পঢ়ক সবিশেষ
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি অসামৰিক চিকিৎসালয়ত চৰম বিশৃংখলতা চলাৰ অভিযোগ উত্থাপিত হৈছে। কেতিয়াবা যদি চিকিৎসকৰ অনুপস্থিতিক লৈ শিৰোনাম দখল কৰে, আন কেতিয়াৱা আকৌ ৰোগীক কৰা দুৰ্ব্যৱহাৰৰ বাবে শিৰোনাম দখল কৰে ওদালগুৰি অসামৰিক চিকিৎসালয়খনে।

অসামৰিক চিকিৎসালয়খনত এইবাৰ পুনৰ সংঘটিত হয় এক ভয়ংকৰ ঘটনা। সাপে কামোৰা এগৰাকী ৰোগীক চিকিৎসালয়খনলৈ নিয়াৰ পাছত তেজ পৰীক্ষাৰ বাবে ইফালৰ পৰা সিফাললৈ দৌৰিব লগা হ'ল ৰোগীৰ আত্মীয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ঘটনাটো সংঘটিত হৈছিল ২২ জুলাইৰ নিশা। অভিযোগ অনুসৰি, ওদালগুৰিৰ এগৰাকী ২২ বছৰীয়া যুৱকক সাপে কামোৰাত অভিভাৱকসকলে ততাতৈয়াকৈ ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

ইয়াৰ পাছত চিকিৎসকে সাপে কামোৰা ৰোগী গৰাকীৰ অতি জৰুৰীভাৱে তেজ পৰীক্ষাৰ বাবে আত্মীয়ক অনুৰোধ জনাই চিকিৎসালয়খনৰ লেবৰেটৰীত এই সুবিধা থকাৰ কথা উল্লেখ কৰে। লগে লগে ৰোগীৰ আত্মীয়‌ই চিকিৎসালয়খনৰ লেবৰেটৰীত উপস্থিত হয় যদিও কোনো কৰ্মীক প্ৰত্যক্ষ নকৰি ইফালৰ পৰা সিফাললৈ দৌৰি হাবাথুৰি খায়।

বিচাৰ খোচাৰ কৰাৰ পিছতো লেবৰেটৰীটোৰ কোনো কৰ্মচাৰীক দেখা নাপাই সমগ্ৰ পৰিৱেশ মোৱাইলৰ কেমেৰাত আৱদ্ধ কৰি চিকিৎসালয়খনৰ ফোপোলাস্বৰূপ উদঙাই দিয়ে। সৌভাগ্যৰ বিষয় এয়ে যে হয়তো ৰোগীগৰাকীক বিষ নথকা সাপে দংশন কৰাৰ বাবেই হয়তো ৰোগীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।

ঘটনা সন্দৰ্ভত ৰোগীৰ আত্মীয়‌ই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সামাজিক মাধ্যমেৰে অৱগত কৰাৰ কথাও উল্লেখ কৰে। ইফালে ঘটনাটো চিকিৎসালয়খনৰ কৰ্তৃপক্ষ‌ই গাপ দিয়াৰ চেষ্টা কৰি আগলৈ এনে ঘটনা সংঘটিত নহয় বুলি ভুক্তভোগীক আশ্বাস দিয়ে।

উল্লেখ্য যে ৰোগীৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰি বাৰে বাৰে এনে ধৰণৰ ঘটনা সংঘটিত কৰি বাতৰিৰ শিৰোনাম দখল কৰি অহা ওদালগুৰি অসামৰিক চিকিৎসালয়খনে আগন্তুক দিনবোৰত যে এনে ধৰণৰ ঘটনা সংঘটিত নকৰিব সেয়া ৰাইজে আশ্বাসত ল'ব পৰা নাই। যদিহে ভুক্তভোগী ৰোগীগৰাকীক বিষাক্ত সাপে দংশন কৰিলেহেতেন তেন্তে তেনে অৱস্থাত চিকিৎসালয়খনে ঘুৰাই দিব পাৰিলেহেতেন নে ৰোগীজনৰ জীৱন? চিকিৎসালয়খনৰ বিৰুদ্ধে ৰাইজৰ আছে বহু অভিযোগ।

যিকোনো জৰুৰী ঘটনা সংঘটিত হ'লে কেৱল উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ ৰোগীক প্ৰেৰণ কৰি দ্বায়িত্ব সামৰা বুলি সকলোৰে মুখে মুখে চৰ্চিত। তেনে অৱস্থাত একাধিক অভিযোগেৰে শিৰোনাম দখল কৰা চিকিৎসালয়খনৰ উচ্চ পদস্থ বিষয়াসকলৰ সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

ইটোৰ পাছত সিটো বিতৰ্কত সাঙোৰ খাইছে ওদালগুৰি অসামৰিক চিকিৎসালয় : পঢ়ক সবিশেষ
ৰঙিয়াত ৰে'ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in