ওদালগুৰিত দিনজোৰা কাৰ্যসূচীৰে ২২ সংখ্যক জিলা দিৱস পালন...

ওদালগুৰিত দিনজোৰা কাৰ্যসূচীৰে ২২ সংখ্যক জিলা দিৱস পালন...

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত দিনজোৰা কাৰ্যসূচীৰে ২২ সংখ্যক জিলা দিৱস পালন...

ওদালগুৰিত দিনজোৰা কাৰ্যসূচীৰে ২২ সংখ্যক জিলা দিৱস পালন...

ডিজিটেল সংবাদ ওদালগুৰিঃ ২০০৩ চনৰ ৩০ অক্টোবৰত এক চৰকাৰী নিৰ্দেশনাৰ জৰিয়তে অবিভক্ত দৰং জিলাৰ পৰা জন্ম হোৱা অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ অন্যতম জিলা ওদালগুৰিয়ে ২১ বছৰ সম্পূৰ্ণ কৰিলে। সেই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে ওদালগুৰি জিলা দিৱসৰ বিভিন্ন কাৰ্যসূচী।

কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত ওদালগুৰি জিলাৰ ইতিহাস আলোকপাত কৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠানত বিশেষ প্ৰাতঃ সভা অনুষ্ঠিত হয়। দুপৰীয়া ২ বজাত ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডলৈ উলিওৱা হয় বিশেষ সাংস্কৃতিক শোভাযাত্ৰা।

উক্ত শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে। বিয়লি ৩ বজাত ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত প্ৰদৰ্শনীৰ লগতে পৰম্পৰাগত খাদ্যৰ বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।

আবেলি ৪ বজাত ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জড়িত কৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া ৫:৩০ বজাত জিলাখনৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শকাৰী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। তাৰোপৰি আজিৰ দিনটোৰ সন্ধিয়াৰ কাৰ্যসূচীত আছে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচী।

Also Read: নৰ্থ বেংক মহাবিদ্যালয়ত নিযুক্তিৰ নামত পক্ষপাত আচৰণ অধ্যক্ষ যুগল শইকীয়াৰ

ওদালগুৰি