ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন
Published on
Updated on

ডিজিটেল সংবাদ,ওদালগুৰি : ১৯৪৮ চনত স্থাপিত ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ে পৰৱৰ্তী সময়ত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰ্তমান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত ৭৫ বছৰ অতিক্ৰম কৰিলে। সেই উপলক্ষে আয়োজিত বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগন্তুক ৯,১০ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব।

৯ ডিচেম্বৰৰ ৰাতিপুৱা ৮-৩০ বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ বাস্তোলাই। ৮-৪৫ বজাত হীৰক জয়ন্তীৰ পতাকা উত্তোলন কৰিব হীৰক জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি তথা বিটিচিৰ উপমূখ্য কাৰ্যবাহী সদস্য, ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

ৰাতিপুৱা ৯-১৫ বজাত বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে অবসৰপ্রাপ্ত অধ্যক্ষ শিক্ষাগুৰু তথা সমাজৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৭৫ খন পতাকা উত্তোলন কৰা হ'ব। ৰাতিপুৱা ৯-৩০ বজাত ছহিদ তর্পণ কাৰ্যসূচী মুকলি কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰাপতি উপাধ্যায়ে, ৰাতিপুৱা ৯-৪৫ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক নৰেশ্বৰ ডেকাই।

পুৱা ১০-০০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাণিক চন্দ্ৰ শৰ্মাই, পুৱা ১০-১৫ বজাত প্রাচীৰ পত্রিকা উন্মোচন কৰিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্র কুমাৰ শৰ্মাই, পুৱা ১০-৩০ বজাত প্রদর্শনীৰ দ্বাৰ উন্মোচন কৰিব ওদালগুৰিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই।

১১-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ওদালগুৰিৰ জিলা আয়ুক্ত ডাঃ ছাদনেক সিঙে। উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ অভিনেত্ৰী-অভিনেতা ক্ৰমে হেলিনা দৈমাৰী আৰু জয় শইকীয়াই। সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন কাৰ্যসূচীত প্ৰজ্বলক হিচাপে উপস্থিত থাকিব বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জেকব মোছাহাৰী।

সন্ধিয়া ৫-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নবীন মল্ল বড়োৱে। সন্ধিয়া ৫-৪৫ বজাত বিদ্যালয়ৰ ছাত্র-ছাত্রী তথা আমন্ত্রিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন। সন্ধিয়া ৭ বজাত হেলিনা দৈমাৰী আৰু জয় শইকীয়াৰ নৃত্য প্ৰদৰ্শন। সন্ধিয়া ৭-৪৫ বজাত "হনুমান সাগৰ বান্ধা চাউ" শীৰ্ষক নাট প্ৰদৰ্শন।

নিশা ৮-৪৫ বজাত গীতামণি বড়োৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। ১০ ডিচেম্বৰৰ পুৱা ৮-০০ বজাত প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ নাম পঞ্জীয়ন। পুৱা ৯-৩০ বজাত প্রাক্তন সতীর্থ সম্মিলন উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ চিত্তৰঞ্জন শৰ্মাই।

পুৱা ১০-০০ বজাত সম্বৰ্দ্ধনা অনুষ্ঠান। দুপৰীয়া ১-০০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° উপেন ৰাভা হাকাচামে, দিনৰ ১-৩০ বজাত স্মৃতিচিহ্ন উন্মোচন কৰিব প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক ভায়লেট বৰুৱাই।

আবেলি ৩-০০ বজাত প্ৰাক্তন সতীৰ্থৰ মাজত খেল-ধেমালি অনুষ্ঠান। সন্ধিয়া ৫ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ওদালগুৰি আৰক্ষী অধীক্ষক পুস্কিন জৈনে। সন্ধিয়া ৫-৩০ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন, ৭-৩০ বজাত ফুকন বড়োৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে নিশা ৯ বজাত কণ্ঠশিল্পী আচ্যুৰ্য বৰপাত্ৰৰ সঙ্গীতানুষ্ঠান।

১১ ডিচেম্বৰৰ দিনৰ ১১-০০ বজাত মুকলি সভা উদ্বোধন কৰিব বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে। গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সভাপতিত্ব কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মঙ্গলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব কটন বিশ্ববইদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব এবছু সভাপতি দিপেন বড়ো, মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ প্ৰধান সম্পাদক নীলকান্ত গয়াৰী, ওদালগুৰি মহাবিদ্যালয়য়ৰ অধ্যক্ষ ড° লুক দৈমাৰী, টংলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰসেন দৈমাৰী, বিধায়ক চৰণ বড়ো, এমচিএলএ ফ্ৰেচ মোছাহাৰী, সঞ্জয় স্বৰ্গীয়াৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়োৰ লগতে ওদালগুৰি অঞ্চলৰ বিদ্যালয়ৰ প্ৰধান সকল আৰু বিভিন্ন দল-সংগঠনৰ সভাপতিসকল উপস্থিত থাকিব।

সন্ধিয়া ৫-৩০ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুৎ স্বৰ্গীয়াৰীয়ে। সন্ধিয়া ৭-৩০ বজাত জিহিস্কেল কাৰ্জীৰ দ্বাৰা চেক্সোফোনৰ সুৰ পৰিৱেশন, ৮-৩০ বজাত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ সাংস্কৃতিক অনুষ্ঠানৰ পাছতে নিশা ১০-৩০ বজাত হীৰক জয়ন্তীৰ মূল পতাকা অৱনমনেৰে হীৰক জয়ন্তী কাৰ্যসূচীৰ সামৰণি। উক্ত সমূহ কাৰ্যসূচীতে ন-পুৰণি শিক্ষাৰ্থীৰ লগতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে হীৰক জয়ন্তী উদযাপন সমিতিয়ে।

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তীৰ আয়োজন
ধেমাজিত আপৰ 'গাঁৱলৈ যাত্রা' কাৰ্যসূচী ৰূপায়ণ : পথাৰত কৃষকৰে মত-বিনিময়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in