সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ বিটিআৰত ধাৰাবাহিক প্ৰতিবাদ...

দোষীক কৰায়ত্বৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ বিটিআৰত ধাৰাবাহিক প্ৰতিবাদ...
Published on
Updated on

ডিজিটেল সংবাদ,ওডালগুৰি : ওদালগুৰিত সাংবাদিক নিগ্ৰহৰ সৈতে জড়িত দোষীক কৰায়ত্ব কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে। বৃহস্পতিবাৰে সমগ্ৰ বিটিআৰৰ বিভিন্ন প্ৰান্তত সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সমান্তৰালভাৱে সাংবাদিক আক্ৰমণ বন্ধ কৰা আৰু ওদালগুৰিত সাংবাদিকক কৰা আক্ৰমণত জড়িত দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত বড়োলেণ্ড সাংবাদিক সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যোৱা ১৭ আগষ্টত ওদালগুৰি চহৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দূৰ্ঘটনা।

উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী। উক্ত দুৰ্ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতাক একাংশ দুৰ্বৃত্ত‌ই বাতৰি সংগ্ৰহ কৰাৰ বাবে ঘটনাস্থলীত বেয়াকৈ প্ৰহাৰ কৰিছিল।

দুৰ্বৃত্তৰ প্ৰহাৰত আনকি সাংবাদিকগৰাকীৰ ৰক্তক্ষয়ো হৈছিল। ইয়াৰ পাছত দুৰ্বৃত্তৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিকগৰাকীৰ লগতে ওদালগুৰি প্ৰেছ ক্লাব, বাৰ্তাজীৱি সংঘ‌ই পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে ১৮ আগষ্টত 189(2)/117(2) of BNS 2023 নম্বৰত ৰুজু কৰিছিল এক গোচৰ। কিন্তু ঘটনা সংঘটিত হোৱাৰ পাঁচদিন পাৰ হৈ যোৱাৰ পাছতো বৰ্তমান পৰ্যন্ত আৰক্ষীয়ে সাংবাদিক আক্ৰমণকাৰী কোনো দোষীকে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱা কাৰ্য‌ই স্বাভাৱিকতে সাংবাদিসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইফালে সমগ্ৰ ঘটনাত জড়িত দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত ওদালগুৰি প্ৰেছ ক্লাৱৰ উদ্যোগত আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচী। বুধবাৰে জিলাখনৰ সকলো সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছু, অসমীয়া যুৱ মঞ্চ আৰু গৰীয়া মৰিয়া দেশী ছাত্ৰ সন্থাই সমৰ্থন জনাই সাংবাদিকসকলৰ সৈতে ক'লা বেজ পৰিধান কৰি দুৰ্বৃত্ত‌ক কৰায়ত্ব নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

আনহাতে অহা ২৪ আগষ্টত প্ৰতিবাদী সাংবাদিকসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে। ওদালগুৰি প্ৰেছ ক্লাৱৰ উদ্যোগত স্থানীয় সাহিত্য সভা প্ৰাঙ্গণত জিলাখনৰ সকলো সাংবাদিকে দুৰ্বৃত্বক কৰায়ত্ব কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিব।

ইয়াৰ পাছতো জিলা প্ৰশাসন তথা আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্বৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনবোৰত একাধিক গণতান্ত্ৰিক কাৰ্তসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিছে।

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ বিটিআৰত ধাৰাবাহিক প্ৰতিবাদ...
বিটিআৰত শিক্ষক নিযুক্তি সমাৱেশ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in