কৃত্ৰিম বানৰ কবলত ওদালগুৰিৰ কেইবাটাও ৱাৰ্ড...

বাসগৃহত সোমাল পানী, পকী পথৰ ওপৰেৰে বৈছে পানীৰ সোঁত

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম বানৰ কবলত ওদালগুৰিৰ কেইবাটাও ৱাৰ্ড...

কৃত্ৰিম বানৰ কবলত ওদালগুৰিৰ কেইবাটাও ৱাৰ্ড...

ডিজিটেল সংবাদ ওদালগুৰিঃ নিশা অহা মুখলধাৰ বৰষুণৰ পাছতেই আজি ওদালগুৰি পৌৰসভাৰ অন্তৰ্গত প্ৰায় প্ৰতিটো ৱাৰ্ডতেই কম পৰিমাণে কৃত্ৰিম বানৰ প্ৰভাৱ পৰে। বিশেষকৈ ওদালগুৰি চহৰৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখেৰে বৈ যোৱা নলাটোৰে পানীৰ প্ৰচণ্ড সোঁত নামি অহাত নলাৰ ওপৰেৰে পানী ওফন্দি উঠি সমীপৱৰ্তী অঞ্চলসমূহত কৃত্ৰিম বানৰ সৃষ্টি কৰে।

ইয়াৰ ফলত ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ওদালগুৰি মিলন নগৰ সংযোগী পথ, বিদেশী নায়াধীকৰণৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ মাজবাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় চৌহদ কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰে। ইয়াৰোপৰি ওদালগুৰি হনুমান মন্দিৰ-কঠালগুৰি সংযোগী লোকনিৰ্মাণ বিভাগৰ পথৰ ওপৰতো একাঠু পানীৰ লগতে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ চোতাল আৰু বাসগৃহত পানী সোমায় যায়।

ইফালে চহৰখনৰ ২ নং ৱাৰ্ডৰ খাংখালাবাৰী, পুষ্পনগৰ, নলবাৰী, কঠালগুৰি অঞ্চলৰ লগতে ৱাৰ্ডটোৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানে প্ৰভাৱ পেলায়। ইফালে বৰষুণৰ ফলত গোলন্দী নদীৰ সমীপেৰে বৈ অহা সুঁতিয়ে একপ্ৰকাৰ নলবাৰী, কঠালগুৰি অঞ্চলত বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি কৰে।

এই সন্দৰ্ভত ওদালগুৰি পৌৰসভাৰ বিষয়বৱীয়াৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে কৃত্ৰিম বানৰ পৰা ৰাইজক কিছু পৰিমানে হ'লেও সকাহ দিয়াৰ চেষ্টাৰে কৃত্ৰিম বানগ্ৰস্থ অঞ্চলসমূহত বিষয়াসকল নিজে উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ কথা উল্লেখ কৰে। তেওঁলোকে কেৱল চহৰখনত হোৱা বৰষুণৰ বাবে এই বানসদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা নস্যাৎ কৰি চহৰখনৰ উত্তৰাঞ্চলত তথা পাহাৰ অঞ্চলত হোৱা বৰষুণৰ বাবে এনেদৰে প্ৰচণ্ড সোত নামি অহাৰ বাবে বানসদৃশ পৰিৱেশৰ সূচনা হোৱাৰ কথা স্বীকাৰ কৰে।

বাতৰি লিখা সময়লৈ কেইৱাটাও ৱাৰ্ডৰ পানী নলাৰে ওলাই গৈছে যদিও বৰ্তমান পৰ্যন্ত‌ও চহৰখনৰ বিভিন্ন অঞ্চলত জনসাধাৰণৰ চোতাল, পথ কৃত্ৰিম বানত বুৰি থকাৰ খবৰ লাভ কৰা গৈছে। ইফালে ওদালগুৰি পৌৰসভাই কৃত্ৰিম বানৰ পৰা ৱাৰ্ডৰ বাসিন্দাক সকাহ দিবলৈ চকুত পৰা ধৰণৰ কোনো কাৰ্যপন্থা গ্ৰহণ নকৰা বুলিও ভুক্তভোগী ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

Also Read: গহপুৰৰ গলচেপা সূৰ্য্য মন্দিৰ প্ৰাংগণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন

বানপানী ওদালগুৰি