ডিজিটেল সংবাদ,ওৰাং : নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে তাৰ সমান্তৰালকৈ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ। বৃহস্পতিবাৰে দৰং- ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
দৰং-ওদালগুৰি সমষ্টিৰ প্ৰথমখন নিৰ্বাচনী জনসভাত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰি কেতবোৰ মন্তব্য কৰে। ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত উপস্থিত হৈ কংগ্ৰেছ আৰু বিৰোধী ঐক্যক কঠোৰ সমালোচনা কৰে নাড্ডাই।
বিশাল জনসভা সম্বোধন কৰা জে পি নাড্ডাই দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট প্ৰদান কৰি জয়যুক্ত কৰাৰ লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পাতিবলৈ পদুমৰ বুটামত ভোট দিবলৈ আহ্বান জনায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অসমীয়া আৰু বড়ো লোকবাদ্যৰে ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাক কাৰ্যকৰ্তাসকলে আদৰণি জনায়।
সভাত অংশ লৈ নাড্ডাই কয়- মোডীৰ চৰকাৰ সক্ৰিয় চৰকাৰ। মোডীৰ নেতৃত্বতে বড়োলেণ্ডত শান্তি, সমগ্ৰ অসমত শান্তিৰ পৰিৱেশ হ'ল। প্ৰতিটো দিশত বিকাশৰ জয়যাত্ৰা অব্যাহত থকাৰ কথাও সভাপতিগৰাকীয়ে মন্তব্য কৰে।
উক্ত সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ভুবনেশ্বৰ কলিতা, প্ৰাৰ্থী দিলীপ শইকীয়া, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, গুৰুজ্যোতি দাস উপস্থিত থাকে। ইয়াৰোপৰি ভালেসংখ্যক দলীয় কাৰ্যকৰ্তা আৰু সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
Also Read: বটদ্ৰৱাত সমূহীয়া বিবাহ কাৰ্যসূচী...