ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ লগতে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ, ইউপিপিএল আৰু বিপিএফ দলৰ পৰা মুঠ ৩গৰাকী প্ৰাৰ্থীয়ে বিগত দিনকেইটাত মনোনয়ন দাখিল কৰিছে । মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত শনিবাৰৰ দিনটোত ইউপিপিএল, কংগ্ৰেছ আৰু বিপিএফ দলৰ নিজা নিজা দলীয় প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হয়।
এনডিএ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ আজিৰ দিনটোত বিশাল কোনো নিৰ্বাচনী প্ৰচাৰ সভা চলোৱা হোৱা নাই। এই সম্পৰ্কে এনডিএ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে মন্তব্য কৰে।
তেঁও সদৰী কৰে যে আজিৰ দিনটোত বিশেষ কনো নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা নাই। তাৰ বিপৰীতে বুথ পৰ্যায়ত দলীয় কৰ্মীসকলৰ সৈতে মিলিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে আমাৰ মিত্ৰজোঁটৰ দলীয় নেতাসকলে ।
আনপিনে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই আজি চাপাগুৰীস্থিত হোটেল ছিগনেটত গোৰ্খা জনগোষ্ঠীয় বুদ্ধিজীৱি আৰু গোৰ্খাসকলৰ বিভিন্ন জাতীয় দল সংগঠনৰ সৈতে এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত উপস্থিত থাকে পাৰিষদ তথা প্ৰমোদ বড়োৰ ৰাজনৈতিক পৰামৰ্শদাতা মাধৱ ছেত্ৰীসহ ইউপিপিএল দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্য্যায়ৰ নেতৃত্ব ।
আনহাতে এইক্ষেত্ৰত পিছ পৰি থকা নাই ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী । আজি কাশিকোত্ৰাস্থিত বিপিএফৰ চিৰাং ব্লক সমিতিৰ কাৰ্যালয়ত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিপিএফ দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম আৰু প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ উপস্থিতিত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে।
বিপিএফ দলৰ জ্যেষ্ঠ নেতা শচীন বসুমতাৰীক সভাপতি আৰু সুকুমাৰ গয়াৰীক আহ্বায়ক হিচাপে লৈ ৬১ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয়। উল্লেখ্য যে আজিৰ এই নিৰ্বাচনী পৰিচালনা সমিতিৰ গঠন কৰা সভাতে চিদলী বিধানসভা সমষ্টি এলেকাৰ ১৫০ শিক্ষিত যুৱকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।
যোগদান কৰা নৱাগত সদস্যসকলক বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰু উপস্থিত নেতাসকলে দলীয় পতাকাৰে আদৰণী জনায়। সভাৰ অন্তত বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে কয় - আমাৰ দলৰ সমৰ্থকসকলে ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে আৰু এইবাৰ চিদলী সমষ্টিবাসী ৰাইজে চিদলী সমষ্টি উন্নয়নৰ দায়িত্ব আমাৰ বিপিএফ দলৰ হাতত অৰ্পণ কৰিব ।
এনডিএ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলে যিমানেই ধনবল, বাহুবল প্ৰদৰ্শন নকৰক কিয় আমাৰ বিপিএফ দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে । ইপিনে আজি কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপি দলক সমালোচনা কৰিবলৈ গৈ বিপিএফ আৰু ইউপিপিএল দলক বিজেপিৰ ছদ্মবেশী বিজেপি দল আৰু বিজেপিৰ বি টিম বুলি কটাক্ষ কৰা সন্দৰ্ভত শুদ্ধ বসুমতাৰীয়ে মন্তব্য কৰে।
তেঁও কয় যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলৰ নেতাসকলে এনেধৰণৰ বক্তব্য প্ৰদান কৰাটো ডাঙৰ কথা নহয় কিন্তু উপ-নিৰ্বাচনত এটা ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি এজনে এনেধৰণৰ অদ্ভূত মন্তব্য কৰাটো শোভা নেপায়। কাৰণ আঞ্চলিক দলবোৰে যাতে নিজৰ এলেকাত শাসনভাৰ নিজৰ হাতত ৰাখি উন্নয়নমূলক কামকাজ কৰিব পাৰে তাৰ বাবেই এই শায়ত্ব শাসিত পৰিষদসমূহ গঠন কৰা হৈছে ।
আমাৰ এই বিটিচি তদ্ৰুপ গঠন কৰা হৈছিল কিন্তু এতিয়া দেখিছো কেৱল ক্ষমতাৰ লোভত ৰাষ্ট্ৰীয় দলবোৰে স্বায়ত্বশাসিত অঞ্চলসমূহত ৰাজনীতি কৰি আঞ্চলিক দলবোৰক ধ্বংস কৰাত প্ৰাকে প্ৰকাৰে লাগি পৰিছে বুলি মন্তব্য কৰে। কিন্তু বিটিচিবাসী ৰাইজে ৰাষ্ট্ৰীয় দলবোৰৰ লুকাই ৰখা কিছু এজেণ্ডা এতিয়া বুজিব পাৰিছে আৰু তাৰ ফলাফল এই উপ-নিৰ্বাচনতো দেখা যাব বুলি মন্তব্য কৰে।
লগতে আগন্তুক ২০২৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনত আঞ্চলিক দল হিচাপে আমাৰ বিপিএফ দলক একক ভাবে ভোটদান কৰিব আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আকৌ বিপিএফ দলৰ চৰকাৰ গঠন কৰিব বুলি নেতাগৰাকীয়ে দাবী কৰে ।