বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্যক বাধ্যতামূলক ছুটিত যোৱাৰ নিৰ্দেশ আচাৰ্যৰ...

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্যক বাধ্যতামূলক ছুটিত যোৱাৰ নিৰ্দেশ আচাৰ্যৰ...

author-image
Asomiya Pratidin
New Update
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্যক বাধ্যতামূলক ছুটিত যোৱাৰ নিৰ্দেশ আচাৰ্যৰ...

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্যক বাধ্যতামূলক ছুটিত যোৱাৰ নিৰ্দেশ আচাৰ্যৰ...

 ডিজিটেল ডেস্কঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বহু বিতৰ্কিত উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অনিৰ্দিষ্টকালীন ছুটিত যোৱাৰ নিৰ্দেশ আচাৰ্য তথা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ। ২৯ নৱেম্বৰ ২০২৩, বুধবাৰে ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মিনাক্ষী সুন্দৰমে স্বাক্ষৰ কৰা NO.GSA.30/2019/54 পত্ৰৰ জৰিয়তে এই নিৰ্দেশনা প্ৰদান কৰিছে।

নিৰ্দেশনাত উপাচাৰ্য, অধ্যাপক লাইশ্ৰাম লাডু সিঙক ১ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বাধ্যতামূলক ছুটিত যাবলৈ কোৱা হৈছে। তেওঁৰ অনুপস্থিতিত বিশ্ববিদ্যালয়খনৰ ৰেক্টৰ তথা জ্যেষ্ঠ অধ্যাপক প্ৰদীপ কুমাৰ পাত্ৰক ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ হিচাপে কাৰ্য সম্পাদন কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, এইগৰাকী উপাচাৰ্যৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এবছুকে ধৰি বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে তেওঁ বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনস্ত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সন্মান নথকা এজন ব্যক্তি বুলি তেওঁক অভিহীত কৰি তেওঁক অপসাৰণৰ বাবে ব্যৱস্থা ল'ব পাৰি নেকি বুলিও চিন্তা চৰ্চা কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশেষত ৰাজ্যপালৰ অনুমোদন সাপক্ষে ৰাজ্যপালৰ সচিবালয়ৰ পৰা জাৰি হোৱা এই নিৰ্দেশনাই বিতৰ্কিত উপাচাৰ্যগৰাকীক বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি যোৱাৰ বাত মুকলি কৰিলে বুলি চৰ্চা চলিছে।

Also Read: ২ ডিচেম্বৰৰ পৰা চিন্ময় মিছন গুৱাহাটীৰ বাৰ্ষিক দিৱসৰ কাৰ্যসূচী...

বড়োলেণ্ড বিশ্ববিদ্যালয়