কোকৰাঝাৰত পত্নীৰ হাতত জীৱন হেৰুৱালে স্বামীয়ে ! দুই অভিযুক্তক আটক...

আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত
কোকৰাঝাৰত পত্নীৰ হাতত জীৱন হেৰুৱালে স্বামীয়ে ! দুই অভিযুক্তক আটক...
কোকৰাঝাৰত পত্নীৰ হাতত জীৱন হেৰুৱালে স্বামীয়ে ! দুই অভিযুক্তক আটক...
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভোটগাঁৱৰ ছটো ভদেয়াগুৰীত সোমবাৰে নিশা আনুমানিক ১ বজাত বলৰুদ্দিন পাৰামাণিক (৩৯) নামৰ লোক এজনক তেওঁৰেই পত্নী মৰ্জিনা বিবি আৰু মাৰ্জিনা বিবিৰ ভায়েক অৰ্থাৎ শালপতি মুস্তাফা আলিয়ে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক আটক কৰিছে আৰু অধিক তথ্যৰ সন্ধানত সোধ-পোছ অব্যাহত ৰাখিছে।

আজি নিজ বাসগৃহত সংবাদ মাধ্যমৰ আগত হত্যাৰ বলি হোৱা বলৰুদ্দিন পাৰামণিকৰ পিতৃ ইমান পাৰাণৱিকে কয় যে, তেওঁ নিশা প্ৰসাৱ কৰিবলৈ উঠোতে দেখা পায় যে তেওঁৰ পুত্ৰ বলৰুদ্দিন পাৰামাণিকক (৩৯) তেওঁৰেই পত্নী মৰ্জিনা বিবি আৰু মাৰ্জিনা বিবিৰ ভায়েক মুস্তাফা আলিয়ে ঘৰৰ পিছফালে তামোল গছৰ ওচৰত ধৰাধৰি কৰি আছে। তেওঁক দেখা পাই পুনৰ সাউৎকৰে ৰুমলৈ যায় আৰু কান্দিবলৈ ধৰে।

ইমান পাৰাণৱিকে সন্দেহ কৰা মতে ৰুমতে তেওঁৰ পুত্ৰক হত্যা কৰি পিছফালে নি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্ঠা কৰিছিল বোৱাৰী আৰু বোৱাৰীৰ ভাতৃয়ে। বিগত পাঁচদিন ধৰি বোৱাৰীৰ ভাতৃয়ে তেওঁলোকৰ ঘৰতে থকা বুলি সদৰি কৰি হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে দূৰ্ভগীয়া পিতৃয়ে।

ইপিনে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই কয় যে দুই অভিযুক্ত ক্ৰমে মৰ্জিনা বিবি আৰু মুস্তাফা আলিক সোমবাৰে নিশাই সোধপোছৰ বাবে আটক কৰা হৈছে। দুই অভিযুক্ত বৰ্তমান কোকৰাঝাৰ আৰক্ষীৰ জিন্মাত আছে বুলি সদৰি কৰি প্ৰাথমিক তদন্তত এয়া হত্যাকাণ্ড বুলি যদিও সন্দেহ কৰা হৈছে তথাপিও মৰণোত্তোৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত হে বিষয়টো পৰিষ্কাৰ হ'ব বুলি মন্তব্য কৰিছে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই।

হত্যাকাণ্ডৰ সলনি এয়া আত্মহত্যা কৰাৰ বাবে প্ৰৰোচিত কৰা ঘটনাও হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বীৰাজ ৰাজখোৱাই। ইপিনে আন এক সূত্ৰই প্ৰকাশ কৰা মতে মৃত বলৰুদ্দিন পাৰামাণিকক মানসিকভাৱে কিছু পৰিমাণে সুস্থ নাছিল বুলি দাবী কৰি এয়া আত্মহত্যাৰ দৰে ঘটনাও হ'ব পাৰে বুলি উল্লেখ কৰিছে। অৱশ্যে মৰণোত্তোৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তত হে প্ৰকৃত তথ্য বাহিৰ হ'ব।

আনহাতে তীব্ৰ চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনাৰ পিছত মৃতকৰ বাসগৃহত অজস্ৰ লোকে ভিৰ কৰে। ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টিকাৰী উক্ত ঘটনাক এবিএমছুৰ সাধাৰণ সম্পাদক জাইদুল শ্বেখে গৰিহণা দি দোষীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি কঠোৰ শাস্তিৰ পোষকতা কৰিছে।

কোকৰাঝাৰত পত্নীৰ হাতত জীৱন হেৰুৱালে স্বামীয়ে ! দুই অভিযুক্তক আটক...
বৰলুং, মৰিধলত দুটাকৈ ঘৰ ভস্মীভূতঃ নন্দীগিৰি সমাজ কল্যাণ গোটৰ সহায়ৰ হাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in