ডিজিটেল সংবাদ চিৰাংঃ "বিশ্ব স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰা" বাৰ্তাৰে আজি সমগ্ৰ বিশ্বজুৰি পালিত হৈছে "বিশ্ব ফাৰ্মাচিষ্ট দিৱস"। ৰাজ্যৰ চৰকাৰী বেচৰকাৰী স্বাস্থ্য সেৱা খণ্ডত বিশেষ ভূমিকা পালন কৰি অহা ফাৰ্মাচিষ্টসকলৰ উমৈহতিয়া মঞ্চ সদৌ অসম ফাৰ্মাচিষ্ট চাৰ্ভিছ এচোছিয়েচনৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি পোন প্ৰথমবাৰৰ কাজলগাঁৱত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে "বিশ্ব ফাৰ্মাচিষ্ট দিৱস-২০২৪" উদযাপন কৰা হয়।
কাজলগাঁওস্থিত এছআইআৰডি প্ৰেক্ষাগৃহ চৌহদত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণৰ মাজেদি অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। ফাৰ্মাচিষ্ট সুজিত কুমাৰ ৰায়ৰ তত্বাৱধানত সমৱেত সংগীত পৰিবেশন কৰাৰ পিছত চিৰাং জিলা ফাৰ্মাচিষ্ট চাৰ্ভিছ এচোছিয়েচনৰ সভাপতি ওৱাহিদুজ জামানৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।
মুকলি সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জেষ্ঠ্য চিকিৎসক ডাঃ পি এন পেটেল, ডাঃ ইউ কে বিশ্বাস, ডাঃ ৰাজেশ পাণ্ডে, ডাঃ দিগেন্দ্ৰ ৰামছিয়াৰীসহ অন্যান্য আমন্ত্ৰিত অতিথিসকলে কেক কাটি ফাৰ্মাচিষ্টসকলক শুভেচ্ছা বাৰ্তা দিয়ে। আজি চিৰাঙৰ এই বিশ্ব ফাৰ্মাচিষ্ট দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী স্বাস্থ্য খণ্ডত কৰ্মৰত ফাৰ্মাচিষ্টসকল উপস্থিত থাকি গীত মাতৰ মাজেৰে দিনটো পালন কৰে।
Also Read: কাজিৰঙাত মন্ত্ৰী জয়ন্ত মল্লৰ সাংবাদিকৰ বিৰুদ্ধে উচটনিমূলক মন্তব্যৰ প্ৰতিক্ৰিয়া