তামুলপুৰত বিশ্ব পৰ্যটন দিৱস উদযাপন

তামুলপুৰত বিশ্ব পৰ্যটন দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,তামুলপুৰ : বি টি আৰৰ পৰ্যটন বিভাগৰ উদ্যোগত বুধবাৰে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অধীনৰ বিমলানগৰস্থিত টংচি হাউচত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় । পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি অঞ্চলটোত কেইবাটাও মূল্যৱান গছপুলি ৰোপণ কৰা হয় ।

পৰ্যটন দিৱস উপলক্ষে এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলনেৰে সভাখন মুকলি কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ড০ ধৰ্ম নাৰায়ণ দাসে । এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ থিম আছিল পৰ্যটন আৰু সেউজ বিনিয়োগ'।

দিশা শৰ্মাই আঁত ধৰা সভাখনত বক্তব্য ৰাখি বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ড০ ধৰ্ম নাৰায়ণ দাসে কয় যে, সমগ্ৰ বিটিআৰ অঞ্চলত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে । বিটিআৰ অঞ্চলৰ প্ৰতিখন জিলাৰ অতি কমেও একোখনকৈ গাঁওত পৰ্যটনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিটিআৰৰ পৰ্যটন বিভাগে চিন্তা চর্চা কৰি আছে ।

ইয়াৰ জৰিয়তে স্বাভাৱিকতেই নিবনুৱা যুৱক-যুৱতীসকল উৎসাহী হৈ পৰিব। ভাষণ প্ৰসংগত পৰ্যটনৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মুকলি হোৱাৰ প্ৰচুৰ সম্ভাৱনা থকা বুলিও তেওঁ মন্তব্য কৰে ।

সভাত উপস্থিত থাকি নৌচাদ হুছেইনে কয় যে, বিটিআৰ এলেকাত পৰ্যটন ক্ষেত্ৰত ক্ৰমশঃ আগুৱাই যাব । ৰাজ্যখনৰ ভিতৰতেই পৰ্যটন ক্ষেত্ৰত আগবাঢ়ি যাব বিটিআৰ । তেওঁ পুনৰ কয় পৰ্যটনস্থলী নিৰ্মাণ কৰিলেই নহ'ব । পৰ্যটনস্থলী হ'ব লাগিব পৰিস্কাৰ পৰিছন্ন ।

পৰিৱেশ বিনষ্ট হ'লে কোনো পৰ্যটক নাহে পৰ্যটনস্থলীলৈ । সভাত অংশগ্ৰহণ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে, প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতেই পৰ্যটন ক্ষেত্ৰখন যথেষ্ট আগুৱাই গৈছে ।

যোৱা বছৰৰ পৰা মানাহ,চৌকি,ৰাইমনা আদি পৰ্যটন ক্ষেত্ৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক পৰ্যটক আহিবলৈ ধৰিছে । আগন্তুক দিনত বিটিআৰৰ পৰ্যটন ক্ষেত্ৰখন অধিক আগবঢ়াই নিব লাগিব ।

সভাত নগাঁওস্থিত ফুড ক্ৰাফ্টৰ ফেকাল্টি গৌতম ভাৰ্গব আৰু বিটিআৰৰ মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভায়ো গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় । ইয়াৰ পূৰ্বে তামুলপুৰৰ বাঙালীপাৰাৰ পৰা বিমলানগৰলৈ আৰু বিমলানগৰৰ পৰা দৰঙামেলালৈ এক চাইকেল ৰেলী উলিওৱা হয় । ইয়াৰোপৰি তামুলপুৰৰ ভিন্ন স্থানত মূল্যৱান গছপুলি ৰোপণ কৰা হয় ।

তামুলপুৰত বিশ্ব পৰ্যটন দিৱস উদযাপন
বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in