ডিজিটেল সংবাদ,বাক্সা : বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত । প্ৰতিদিনে বাক্সা জিলাৰ ওচৰৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে ভাৰত -ভূটান সীমান্ত অঞ্চলত বাসকৰা লোকৰ ঘৰ - দুৱাৰ ভাঙি ,খেতি- বাতি খাই তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে বহুকেইগৰাকী লোক ।
এনেসময়তে বৃহস্পতিবাৰে পুৱা বাক্সা জিলাৰ ভাৰত - ভূটান সীমান্তৰ সুৱনখাটা সুন্দৰিপাৰাত সংঘটিত হয় হাতী-মানুহৰ সংঘাটৰ ঘটনা। জানিব পৰা মতে গিতিকা তালুকদাৰ নামৰ যুৱতীগৰাকীয়ে ওচৰতে থকা পাগলাদিয়া নৈৰ সুতিত গা ধুৱলৈ গৈছিল ।
সেই সময়তে খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এটা দতাল হাতীয়ে আক্ৰমন কৰে যুৱতীগৰাকীক । হাতীৰ চিঞৰ শুনি পৰিয়ালৰ লোক ওলাই যোৱাত পাগলাদিয়া নৈৰ সূতিত যুৱতী গৰাকী পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি সুৱনখাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
ইয়াৰ পাছতে যুৱতীগৰাকীৰ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মুছলপুৰত থকা ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ । ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিতহৈ খবৰ কৰে মৃতকৰ পৰিয়ালটোৰ ।
Also Read: ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ বুজাবুজি চুক্তি স্বাক্ষৰ