ডিজিটেল সংবাদ,বিশ্বনাথ : বুধবাৰে দুপৰীয়া প্ৰায় ২-০০ বজাত বিশ্বনাথ সদৰ আৰক্ষী থানা অন্তৰ্গত গোপ সাধাৰুত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ কৰা হয় এটা নৱজাতকৰ মৃতদেহ। যি ঘটনাই মানৱ সমাজক লজ্জিত কৰি তুলিছে।
জানিব পৰামতে আজি দুপৰীয়াৰ ভাগত সাকোমঠা চাহ বাগিছাৰ শ্ৰমিকে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এটা নৱজাতকৰ মৃতদেহ পৰিত্যক্ত অৱস্থাত দেখা পোৱাত হুৱাদুৱা লাগে। পৰৱৰ্তী সময়ত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীয়ে ঘটনা সম্পৰ্কত গম পাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ লৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও সৱিশেষ তথ্য পৰৱৰ্তী সময়ত অহাৰ সম্ভাৱনা আছে।
Also Read: যোৰহাট ডায়েটত মডেল ক্লাষ্টাৰ ডেভেলপমেণ্টৰ প্ৰশিক্ষণ কাৰ্যসূচী