ডিজিটেল ডেস্কঃ নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেল ২০২৩ ত প্ৰদৰ্শন হয় ডিআইজি পাৰ্থ সাৰথি মহন্তৰ চুটি ছবি 'বহাগ বহাগ মন' আৰু 'লাচিত দ্যা ৱাৰিয়ৰ'। মহন্তৰ পৰিচালনাত নিৰ্মাণ হোৱা ছবি দুখন ২৫ আৰু ২৬ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হয়।
'বহাগ বহাগ মন' শীৰ্ষক চুটি ছবি খনে এই মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হয়। পৰিৱেশ আৰু সংস্কৃতি শ্ৰেণীৰ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় ছবি খনে। ছবিখন পাৰ্থ সাৰথি মহন্তই পৰিচালিত কৰাৰ লগতে মিনা মহন্ত আৰু দেবজিত ভূঞাই প্ৰযোজনা কৰে।
আনহাতে পাৰ্থ সাৰথি মহন্তৰ আন এখন ছবি 'লাচিত দ্য ৱাৰিয়াৰ'ক জুৰীৰ বিশেষ শ্ৰেণীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।এই ছবিখন প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই ।
'বহাগ বহাগ মন' হৈছে প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্কৰ এক গীতিমূলক উপস্থাপন। আনহাতে 'লাচিত দ্যা ৱাৰিয়ৰ' হৈছে লাচিত বৰফুকনৰ ওপৰত এনিমেছনত উপস্থাপন কৰা এখন জীৱনীমূলক কবিতা।
Also Read: দেউতাকে মিঠাই বান্ধি অনা বাতৰি কাকতৰ এটা পুৰণি পৃষ্ঠাই লাভলীনাক দিছিল বিশ্ব জয়ৰ এই পথৰ সন্ধান...