জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন

জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন

দহ হেজাৰ মহিলাৰ দিহানাম আৰু পাঁচহেজাৰ মহিলাই পৰিবেশন কৰিব বিহুগীত ৷
Published on

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অহা ২৮ এপ্ৰিলৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে জামুগুৰিহাটত অনুষ্ঠিত হ'ব জামুগুৰি বহাগীমেলাৰ ৰূপালী জয়ন্তী সমাৰোহ ৷ এই সমাৰোহত দহ হেজাৰ মহিলাই একেলগে দিহা নাম পৰিৱেশন কৰাৰ লগতে পাচঁ হেজাৰ মহিলাই একেলগে বিহু নৃত্য পৰিৱেশন কৰিব ৷

বিহু নৃত্য পৰিৱেশনৰ উদ্দেশ্যৰে জামুগুৰি বহাগী মেলাই শুক্ৰবাৰে সন্ধিয়া জামুগুৰিহাটৰ কেইবাগৰাকীয়ে শিল্পীয়ে ৰচনা কৰা বিহুগীত সমুহ একত্ৰিত কৰি বাণীবন্ধন কৰা এটি বিহুগীতৰো শুভ উদ্ধোধন কৰে ৷

গীতটিৰ শুভ উদ্ধোধন কৰে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সম্পাদক প্ৰধান জয়ন্ত বৰাই ৷ ৰূপালী জয়ন্তীৰ মূল সাংস্কৃতিক কাৰ্যসুচীত অসমৰ জনপ্ৰিয় সংগীত শিল্পী পাপন মহন্তই অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷

জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন
কাংপকপি জিলাৰ পৰিদৰ্শন মণিপুৰৰ মুখ্য ন্যায়াধীশৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in