ডিজিটেল সংবাদ, পাঠশালা : আজি কাতি বিহু। ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ ল'ব। কিন্তু ইয়াৰ মাজতে বানবিধস্ত বজালীৰ বহু কৃষকৰ চকুত দেখা গৈছে চকুলো। কাৰণ তেওঁলোকৰ উৰ্বৰ কৃষি মাটি চলিত বৰ্ষৰ বলীয়া বানৰ বালিয়ে পুতি পেলোৱাৰ পিছত কৃষিভূমি চন পৰি ৰৈছে ।
বজালী জিলাৰ বিশেষকৈ নয়াপাৰা, অকয়া, মেধিকুছি, পিপলা আদি স্থানৰ কেইবা হাজাৰ বিঘা মাটি পহুমাৰা আৰু কালদিয়া নৈৰ বানপানীৰ পিছত বালিয়ে পুতি পেলোৱাৰ ফলত এই উৰ্বৰ কৃষি ভূমি সমূহ কৃষি কাৰ্যৰ অনুপযোগী হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত কৃষক সকলে কৃষি কৰ্ম কৰাৰ পৰা আঁতৰি গৈ এতিয়া কোনোৱে দিন হাজিৰা, কোনোৱে গৰু চৰোৱা কাৰ্য, কোনোৱে বাঁহ বেতৰ কৰ্ম, কোনোৱে ঠেলা চলোৱা আদি কৰ্ম কৰিবলৈ বাধ্য হৈ পৰিছে।
ইয়াৰ মাজতে অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ সৰ্বত্ৰে উখল মাখল পৰিবেশ যদিও বজালীৰ উক্ত স্থান সমূহত কিন্তু কৃষক সকলৰ মাজত কাতি বিহুক লৈ নাই কোনো উৎসাহ উদ্দীপনা। বানবিধস্ত বজালীৰ বালিয়ে পুতি পেলোৱা কৃষিভূমি আজি প্ৰত্যক্ষ কৰি চকুলো টুকা একাংশ কৃষকৰ দূৰ্দশাৰ দৃশ্যই কৃষক সকলৰ মৰ্মবেদনা প্ৰকট কৰি তুলিছে।
একাংশ কৃষকে কাতি বিহুৰ দিনটোত চন পৰা পথাৰতে আই লক্ষ্মীক আৰাধনা কৰি চাকি জ্বলাব । বালিয়ে পুতি পেলোৱা কৃষিভূমিত খেতি কৰিব নোৱাৰি বহু কৃষক আজি সৰ্বস্বান্ত হৈ পৰিছে যদিও এই সকল কৃষকৰ বাবে চৰকাৰী ভাৱে আজিলৈ কোনো ধৰনৰ ব্যবস্থা কৰা নহ'ল। কাতি বিহু এইবছৰ কঙালী হৈয়ে আহিল বজালীৰ বহু কৃষকৰ মাজলৈ।