মদৰ নিচাত মাতাল শ্ৰম বিষয়া: বিভাগীয় মন্ত্ৰীকেই অসভ্য আচৰণ...

মদৰ নিচাত মাতাল হৈ বিভাগীয় মন্ত্ৰীক অসভ্য আচৰণ বোকাখাতৰ শ্ৰম বিষয়াৰ। শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ অভিযোগৰ পাছতো মদপী যদুমণি দাসৰ প্ৰতি কিহৰ দৰদ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ?
মদৰ নিচাত মাতাল শ্ৰম বিষয়া: বিভাগীয় মন্ত্ৰীকেই অসভ্য আচৰণ...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙা : বোকাখাতৰ শ্ৰম বিষয়া যদুমণি দাসৰ বিৰুদ্ধে উত্থাপন হয় গুৰুতৰ অভিযোগ। বিষয়া গৰাকীয়ে ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ সন্মুখত মদ খাই অসভ্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২৩ মে’ত কাজিৰঙাত উপস্থিত হৈছিল ৰাজ্যৰ শ্ৰম তথা জনকল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ ৷

ৰাজ্যৰ চাহ জনজাতি তথা আদিবাসী সমাজৰ ইতিহাস সংৰক্ষিত কৰাৰ বাবে কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া "চাহ কলাক্ষেত্ৰ"ৰ স্থান পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী কিষাণক বোকাখাতৰ চক্ৰবিষয়া সৌভিক দত্তই চাহ কলাক্ষেত্ৰৰ বাবে আৱণ্টন হোৱা কাজিৰঙাৰ হাতীখুলিৰ প্ৰায় ৩০ বিঘা এলেকা দেখুৱায় ৷ য’ত চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ ইতিহাস, সাজপাৰ, পৰম্পৰাগত সা-সঁজুলি, অসমৰ চাহখেতিৰ ইতিহাস, চাহ উৎপাদনৰ পৰম্পৰাগত শৈলী, আৰ্হি ৰূপত চাহ উৎপাদনৰ কাৰখানা বা কলঘৰ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে৷

উক্ত চাহ সংগ্ৰহালয়ে বিশ্বৰ আগত অসমখনৰ চাহ উদ্যোগক আধুনিকতাৰে উপস্থাপন কৰাৰ লগতে ৰাজ্যখনৰ এক অন্যতম কেন্দ্ৰীয় পৰ্যটন ক্ষেত্ৰ ৰূপে পৰিগণিত হ'ব বুলি মন্ত্ৰী কিষাণে মত ব্যক্ত কৰে ৷

কাজিৰঙাত চাহ শ্ৰমিকৰ ৰাইজৰ হিতৰ বাবে ভূমি পৰিদৰ্শন কৰি থকাৰ সময়তে মাতাল অৱস্থাত উক্ত স্থানত উপস্থিত হয় বোকাখাতৰ শ্ৰমবিষয়া যদুমণি দাস ৷ কৰ্তব্যৰ সময়তো মাতাল অৱস্থাত এনে অসভ্য আচৰণ কৰা যদুমণি দাসৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে বিভাগটোৰ শীৰ্ষ বিষয়াক অৱগত কৰে৷

কিন্তু তাৰ পাছতো যদুমণি দাসৰ প্ৰতি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কিয় দৰদ তাক লৈ সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, প্ৰায়ে মদৰ নিচাত মাতাল হৈ বহুলোকক অসভ্য আচৰণ কৰে শ্ৰমবিষয়া যদুমণি দাসে৷

মদৰ নিচাত মাতাল শ্ৰম বিষয়া: বিভাগীয় মন্ত্ৰীকেই অসভ্য আচৰণ...
অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল: মুখ্যমন্ত্ৰীক সমালোচনা ৰিপুণ বৰাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in