শিল্পী মোহিনী ৰাজকুমাৰীৰ নামত উৎসৰ্গা কৰা পথৰ বিধ্বস্ত ৰূপ, মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নমুনা...

এগৰাকী স্বনামধন্য শিল্পীৰ নামত উৎসৰ্গা কৰা এটা গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে সকলোৰে চকু কপালত তুলিছে

author-image
Asomiya Pratidin
New Update
শিল্পী মোহিনী ৰাজকুমাৰীৰ নামত উৎসৰ্গা কৰা পথৰ বিধ্বস্ত ৰূপ, মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নমুনা...

ডিজিটেল সংবাদ, বোকাখাতঃ এগৰাকী স্বনামধন্য শিল্পীৰ নামত উৎসৰ্গা কৰা এটা গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপে সকলোৰে চকু কপালত তুলিছে। প্রথম অসমীয়া কথাছবি জয়মতীত ৰাজমাওৰ ভাওত অভিনয় কৰা আৰু অসমৰ প্ৰথম গৰাকী মহিলা ঠিকাদাৰ মহুৰামুখৰ মোহিনী ৰাজকুমাৰীৰ নামত মহুৰামুখ চাৰিআলি নামাকৰণ হৈছিল। কমাৰগাঁৱত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰা মহুৰা আলিটো শিল্পী মোহিনী ৰাজকুমাৰীৰ নামেৰে নামকৰণ কৰাৰ পাছত পথটো পকীকৰণ কৰিব লাগি বুলি বিভিন্ন দল-সংগঠন, প্ৰচাৰ মাধ্যমসমূহে বছৰৰ পাছত বছৰ দাবী কৰিছিল।

তাৰ পাছতে ২০১৯ চনত মহুৰা দিহিঙীয়া পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ সময়ত পথটোৰ পকীকৰণ কৰা হৈছিল। কিন্তু নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ ফলত বৰ্তমান সময়ত পথছোৱা বিভিন্ন ঠাইত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজে।

ইফালে, এই পথছোৱা পুনৰ মেৰামতি কৰিবলৈ স্থানীয় ৰাইজ, চুতীয়া ছাত্ৰ সন্থা, আটাছু বোকাখাত মহকুমা সমিতি, আছুৱে আৰু স্থানীয় ৰাইজে দাবী জনাই আহিছে যদিও আজি পর্যন্ত পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।

যাৰ বাবে তীব্র ক্ষোভ প্রকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে সংগঠনকেইটাই। আনহাতে, ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী তথা সমষ্টিৰ বিধায়ক অতুল বৰাৰ গৃহ সমষ্টিত এগৰাকী শিল্পীৰ নামত উৎসৰ্গা কৰা পথটোৰ দুৰৱস্থা লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কাৰো চকুত নপৰাতো চৰম অপমানজনক বুলি সংবাদ মাধ্যমৰ প্ৰকাশ কৰিছে কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা আৰু কমাৰগাঁও-মহুৰাবাসীয়ে।

Also Read: মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আপৰ দপদপনি! যোগদান কৰিলে শতাধিক লোকে...