ভয়ংকৰ পথ দুৰ্ঘটনাত ভস্মীভূত বাহন, থিতাতে নিহত ২ চালক...

কামৰূপৰ বকোৰ বীৰপাৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু দাম্পাৰৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
ভয়ংকৰ পথ দুৰ্ঘটনাত ভস্মীভূত বাহন, থিতাতে নিহত ২ চালক...
Published on
Updated on

ডিজিটেল সংবাদ,ছমৰীয়া: কামৰূপৰ বকোৰ বীৰপাৰাত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু দাম্পাৰৰ মাজত সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাস্থলীত অগ্নিদগ্ধ হৈ থিতাতে নিহত দুজন চালকৰ। ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ কিছু পৰিমাণে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈ যদিও দুয়োখন বাহন সম্পূৰ্ণভাৱে ভস্মীভূত হয়।

নিহত চালক দুজন কৃষ্ণ দাস আৰু ভদ্ৰেশ্বৰ পাটগীৰি। নিহত কৃষ্ণ দাসৰ ঘৰ বকোৰ বামুনিগাওঁ আৰু ভদ্ৰেশ্বৰ পাটগীৰিৰ ঘৰ গোৱালপাৰাৰ দুধনৈত বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in