বকলীয়াঘাটত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...

বকলীয়াঘাটত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটস্থিত টাউন জনতা হিন্দী হাইস্কুলৰ প্ৰেক্ষাগৃহত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে বুনিয়াদী সাক্ষৰতা আৰু সাংশিকতা নিপুণ অসমৰ অধীনত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ FLN(Foundational Literacy and Numeracy) ৰ পাঁচ দিনীয়া প্ৰশিক্ষণ শিবিৰ শনিবাৰে সফল সামৰণি পৰিছে ।

লাংছমেপি শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত অনুষ্ঠিত হোৱা এই FLN(Foundational Literacy and Numeracy) ৰ পাঁচ দিনীয়া প্ৰশিক্ষণত ১৩৫ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে । দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই পাঁচ দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰত ১৩৫ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলক ছয় গৰাকী সমল ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা TLM সমূহ পৰ্যবেক্ষণ কৰে ।

প্ৰশিক্ষণত RP অৰ্থাৎ সমল ব্যক্তি হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰা ক্ৰমে - গোলাপ বাগলাৰী, অনুকুল চক্ৰৱৰ্তী,দিবান হাকমাউচা, মহেশ্বৰ দাস, অচিন্ত হাজৰিকা আৰু ওম প্ৰকাশ চৌহানক কাৰ্বি পহ'ৰে সম্বৰ্ধনা জনোৱাৰ লগতে সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী আৰু ৰত্নকান্ত পাঠককো কাৰ্বি পহ'ৰে সম্বৰ্ধনা জনায় ।

উল্লেখ্য যে পাঁচ দিনীয়া এফ এল এন প্ৰশিক্ষণত অংশগ্ৰহণ কৰি টি এল এম প্ৰদৰ্শনত প্ৰথম বীৰছিং তিমুং, দ্বিতীয় পূৰ্ণিমা দেৱী আৰু তৃতীয় স্থান লাভ কৰা চামপ্ৰি তিমুঙপীকো ট্ৰফি আৰু ফুলাম গামোচাৰে সন্মান জনোৱা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in