ডিজিটেল ডেস্কঃ উপ নিৰ্বাচনৰ বতাহ তীব্ৰতৰ হোৱাৰ সময়তে প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিতৰ্ৰণ জোকাৰিছে প্ৰতিটো ৰাজনৈতিক দলকেই। বঙাইগাওঁ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্বল দিবলৈ আগবাঢ়িছে অসম গণ পৰিষদে।
পিছে সমষ্টিটোৰ অগপ কৰ্মীসকলে দিপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে। তেওঁলোকে কোনো কাৰণতে তেওঁক সমষ্টিটোত প্ৰাৰ্থি হিচাপে গ্ৰহণ নকৰে বুলি জনাইছে। এনে প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিতৰ্কৰ মাজতেই আজি বঙাইগাওঁ অগপৰ সভাপতি, সম্পাদককে ধৰি মুঠ ৩৪ জনে পদত্যাগ কৰিছে।
এই পদত্যাগী নেতাসকলৰ ভিতৰত আছে ৫ খন পঞ্চায়তক সভাপতিও। তাৰোপৰি সমষ্টিটোত প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ হিচাপে চৰ্চাত থকা বিজেপিৰ সাধাৰণ সম্পাদক শৈলেন সৰকাৰেও পদত্যাগ কৰিছে।
এনে পৰিস্থিতিত এতিয়া সমষ্টিটোত অগপ নেতৃত্বই প্ৰাৰ্থিত্ব কেন্দ্ৰীক এই সংঘাটৰ সৈতে কিদৰে মোকাবিলা কৰে সেয়া হ'ব লক্ষ্যণীয়।
Also Read: উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...