বইটামাৰীত অগ্নিকাণ্ডঃ চাহৰ দোকানতে অগ্নিগদ্ধ হৈ কৰুণ মৃত্যু বৃদ্ধ দম্পতীৰ...

চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত তিনিখন দোকান ভস্মিভূত
বইটামাৰীত অগ্নিকাণ্ডঃ চাহৰ দোকানতে অগ্নিগদ্ধ হৈ কৰুণ মৃত্যু বৃদ্ধ দম্পতীৰ...
বইটামাৰীত অগ্নিকাণ্ডঃ চাহৰ দোকানতে অগ্নিগদ্ধ হৈ কৰুণ মৃত্যু বৃদ্ধ দম্পতীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বঙাইগাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নৰ্থ বইটামাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱটিলে বৃদ্ধ দম্পতীয়ে।

জানিব পৰা মতে নৰ্থ বইটামাৰীৰ বাশবাৰী বজাৰত নিশা সংঘটিত হৈছিল চিলিণ্ডাৰ বিস্ফোৰণ। ফলত তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত হৈছিল। ইয়াৰে এখন চাহৰ হোটলত আছিল এই বৃদ্ধ দম্পতী।

বজাৰখনত তেওঁলোকে এখন চাহৰ দোকান দি আহিছিল আৰু তাতেই নৈশ যাপনো কৰি আহিছিল। নিহত বৃদ্ধ, বৃদ্ধাগৰাকীৰ নাম ক্ৰমে দুলাল ভট্টাচাৰ্য আৰু কৌশল্যা ভট্টচাৰ্য।

বইটামাৰীত অগ্নিকাণ্ডঃ চাহৰ দোকানতে অগ্নিগদ্ধ হৈ কৰুণ মৃত্যু বৃদ্ধ দম্পতীৰ...
ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত যোৰহাটৰ কস্তুৰী কলিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in