বঙাইগাঁৱত চলন্ত অৱস্থাতে গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড...

নিশা ডিব্ৰুগড়ত সংঘটিত হৈছিল আন এক ৰে'ল দুৰ্ঘটনা
বঙাইগাঁৱত চলন্ত অৱস্থাতে গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড...
বঙাইগাঁৱত চলন্ত অৱস্থাতে গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড...
Published on
Updated on

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল উজনিমুৱা গান্ধী ধাম এক্সপ্ৰেছ। আজি গান্ধী ধাম এক্সপ্ৰেছত সংঘটিত হোৱা যান্ত্ৰিক বিজুতিৰ পৰিপ্ৰেক্ষিতত ৰে'লখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

জানিব পৰা মতে ৰে'লখনৰ ব্ৰেকৰ পৰা সূত্ৰপাত হোৱা এই জুই পৰৱৰ্তী সময়ত ডবালৈয়ো বিয়পি পৰে। অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ এই পৰ্যন্ত অহা নাই।

বঙাইগাঁৱৰ সমীপৱৰ্তী মাজগাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ৰে'লখনত থকা কৰ্মচাৰীসকলে ততাতৈয়াকৈ জুই নিৰ্বাপতি কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙ্গলবাৰে নিশা ডিব্ৰুগড়ত আন এক ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছিল। ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছৰ চলন্ত অৱস্থাতে ইঞ্জিন ট্ৰেকৰ পৰা আঁতৰি যায়। ডিব্ৰুগড়ৰ চাউলখোৱা-লাহোৱাল ৰে'লৱে ষ্টেচনৰ মাজত সংঘটিত হোৱা এই ঘটনাতো কোনো লোক হতাহতি হোৱা নাই।

বঙাইগাঁৱত চলন্ত অৱস্থাতে গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড...
মৰিয়নিৰ পৰা নাগালেণ্ডলৈ প্ৰেৰণ কৰা অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in