ডিজিটেল ডেস্কঃ আজি বঙাইগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিষয়ত সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ৰ লগতে পৰিষদৰ আন সদস্যসকলো উপস্থিত থাকে। ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বৃহত্তৰ অঞ্চলটোৰ খিলঞ্জীয়া লোকক প্ৰতিনিধিত্ব কৰা মুঠ ২৬ টা সংগঠনৰ নেতৃত্বৰেও এক বৈঠকত মিলিত হয়।
মন্ত্ৰীগৰাকীয়ে তেওঁৰ সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি এই সংগঠনসমূহৰ সৈতে হোৱা বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে পৰিষদৰ সমষ্টি নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেওঁলোকৰ মতামত আৰু দিহা-পৰামৰ্শ গ্ৰহণ কৰে। বৈঠকত বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলে ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সৈতে সহমত পোষণ কৰি অহা বুলি উল্লেখ কৰে।
বৈঠকত হাজৰীকাই নিজৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতত অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে বুলি উল্লেখ কৰে। তেওঁ অঞ্চলটোৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বক আগন্তুক দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।
এই বৈঠকত মন্ত্ৰী হাজৰীকাৰ উপৰিও অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, জিলা আয়ুক্ত তথা আন বিষয়াসকলো উপস্থিত থাকে।
Also Read: ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুনিশ্চিত নকৰিলে BTC ৰ ৰাজনীতি সলনি কৰি দিয়াৰ হুংকাৰ এবিএমছুৰ...