বিভাগীয় কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁও জিলা ভ্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

কিষাণ বজাৰত নিচামুক্তি কেন্দ্ৰ, হুৰামাৰাত জলসম্পদ বিভাগে সম্পূৰ্ণ কৰা প্ৰকল্প আৰু টিনকোণীয়াত বেঁকী, আই-মানস আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকা। কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হৈ পৰিষদৰ সামগ্ৰিক কাম-কাজৰো বুজ ল'লে মন্ত্ৰীগৰাকীয়ে...
বিভাগীয় কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁও জিলা ভ্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বঙাইগাঁওঃ অসম চৰকাৰৰ জলসম্পদ, সামাজিক ন্যায় আৰু সৱলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে বিভাগীয় কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁও জিলা ভ্ৰমণ কৰে। সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ কিষাণ বজাৰ অঞ্চলত থকা অৰচিনি কেয়াৰ হোম নামৰ এটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি আৱাসীসকলৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোত থকা সা-সুবিধাসমূহ পৰ্যবেক্ষণ কৰি পৰিচালনাৰ দায়িত্বত থকা ব্যক্তিসকলৰ পৰা কেন্দ্ৰটোৰ বিষয়ে সবিশেষ বুজ লয়। নিচামুক্তি কেন্দ্ৰটোত থকা ব্যক্তিসকলক সমাজৰ মূল সুঁতিলৈ অনাৰ বাবে চিকিৎসা আদিৰ সুব্যৱস্থাৰ ধাৰাবাহিকতা ৰাখিবলৈ কেন্দ্ৰটোৰ পৰিচালকক আহ্বান জনায়।

ইয়াৰ পৰা মন্ত্ৰীগৰাকীয়ে জিলাখনৰ হুৰামাৰা নামৰ স্থানত উপস্থিত হৈ আই নদীৰ পাৰৰ জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি আৰু সৱলীকৰণৰ কাম পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে দুই বছৰৰ পূৰ্বে এই স্থানত মথাউৰি ছিঙি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল। বিগত দুটা বছৰত ৩টা বেলেগ প্ৰকল্পৰ অধীনত প্ৰায় ১২ কোটি টকা ব্যয়েৰে জলসম্পদ বিভাগে ছিগা মথাউৰি মেৰামতি কৰাৰ লগতে খহনীয়াৰোধী আৰু মথাউৰি সৱলীকৰণৰ কাম হাতত লৈ ইতিমধ্যে সমাপ্ত কৰিছে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কামত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্থানীয় ৰাইজেও এই কামৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ মালেগড় টিনকোণীয়া অঞ্চলত উপস্থিত হৈ বেঁকী, আই-মানস আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলৰ কাষৰীয়া স্থানত হৈ থকা নদী খহনীয়াৰ বুজ লয়। উল্লেখ্য যে, এই অঞ্চলৰ খহনীয়া ৰোধৰ স্থায়ী বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰিব পৰাকৈ জলসম্পদ বিভাগে আই আই টি গুৱাহাটীক এক অধ্যয়ন কৰিবলৈ দিছিল। আই আই টি গুৱাহাটীয়ে অধ্যয়নৰ অন্তত অঞ্চলটোত বিজ্ঞানসন্মতভাৱে খহনীয়াৰোধৰ প্ৰকল্প হাতত ল'ব পৰাকৈ এটা প্ৰতিবেদন বিভাগক দাখিল কৰিছে। এই প্ৰতিবেদনৰ ভিত্তিতে জলসম্পদ বিভাগে এইবাৰ খহনীয়াৰোধৰ প্ৰকল্প সাজু কৰিছে । দেওবাৰৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী হাজৰীকাই আই আই টি গুৱাহাটীৰ প্ৰতিবেদনৰ আধাৰতে এই বৰ্ষত অঞ্চলটোত খহনীয়াৰোধৰ বাবে কাম আৰম্ভ কৰা হ'ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।

মন্ত্ৰীগৰাকীয়ে ইয়াৰ মাজতে বঙাইগাঁওস্থিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হৈ পৰিষদৰ অধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু আন কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত পৰিষদৰ অধীনত অব্যাহত থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ লয়। পৰিষদখনক জনকল্যামুখী কামসমূহ সফলতাৰে সমাপণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

বিভাগীয় কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁও জিলা ভ্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ...
শোণিতপুৰত পুনৰ বানৰ তাণ্ডৱঃ দুই বিধায়কৰ উদ্ধাৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in