ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত গোৱা, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব...

ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত গোৱা, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব...
ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত গোৱা, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব...
Published on
Updated on

ডিজিটেল ডেস্কঃ আৰক্ষীৰ লোকে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব। নিজৰ পোচাকযোৰৰ মৰ্যাদা ৰক্ষা কৰি চলিব লাগে। ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত, মাত গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব।– এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বঙাইগাঁৱত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়। লগতে তেওঁ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি সাপেক্ষে সাংস্কৃতিক অনুষ্ঠানত আৰক্ষী অধীক্ষকসকলে অংশ ল’ব পাৰিব বুলিও উল্লেখ কৰিছে।

মূলতঃ জনপ্ৰিয়তাৰ পিছত আৰক্ষী অধীক্ষকসকল দৌৰি ফুৰা কাৰ্যক তেওঁ সমালোচনা কৰি সংবাদ মাধ্যমৰ পৰাও দূৰত্বত অৱস্থান কৰাৰ পোষকতা কৰে। তেওঁৰ মতে একাংশ আৰক্ষী অধীক্ষকৰ বাবে আন একাংশ আৰক্ষী অধীক্ষকৰ মনোবল দুৰ্বল হয়।

এই সন্মিলনতে তেওঁ নতুনকৈ ১৫ হাজাৰ আৰক্ষীক নিযুক্তি দিয়াৰ কথাও উল্লেখ কৰে। আৰক্ষীৰ আন্তঃগাঁথনি উন্নয়ন আৰু নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথাও দোহাৰে।

আনহাতে আগন্তুক সময়ত ড্ৰাগছ বিৰোধী অভিযানৰ লগতে লাভ জেহাদৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। তেওঁ উল্লেখ কৰা অনুসৰি বিগত দুটা বছৰত প্ৰতি বছৰে প্ৰায় ১৬০০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

নাৰী জনিত অপৰাধো যোৱা দুটা বছৰত হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই ছেপ্টেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান আৰম্ভ হ’ব বুলি কয়।    

ৰাজনৈতিক নেতাৰ দৰে আৰক্ষীয়ে গীত গোৱা, গামোচা লৈ ফুৰা বন্ধ হ’ব লাগিব...
ঘৰুৱা ক্ৰিকেট ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছঃ নৰ্থ জ'নৰ বিৰুদ্ধে ছিক্সৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in