ডিজিটেল সংবাদ, চিৰাং: আজি বিয়লি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্ৰমিক সংগঠন চিটু আৰু বিভিন্ন শ্ৰমিক সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে তেওঁলোকৰ ছদফীয়া দাবী উত্থাপন কৰি দুঘন্টীয়া বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে। বিজিআৰ (বঙাইগাঁও শোধনাগাৰৰ)ৰ গুৱাহাটীস্থ অতিথিশালাৰ ঠিকা শ্রমিকক কর্মচ্যুত (Retrance) কৰাৰ বন্ধ কৰা।
অ' এন জি চিৰ ৰিগ ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত বাতিল কৰা আৰু তাত কৰ্মৰত ঠিকা শ্ৰমিকৰ কৰ্ম সুৰক্ষা (Job Security) নিশ্চিত কৰা, স্থায়ী পদ্ধতিৰ কামত (perennial nature of work) ঠিকা পদ্ধতি বন্ধ কৰা, ধাৰাবাহিক ভাবে ৩০ দিনতকৈ অধিক কাম কৰা সকলো ঠিকা শ্রমিকক বোনাচ আৰু চিকিৎসা সাহার্য প্রদান নিশ্চিত কৰা, সকলো ঠিকা শ্রমিকৰ ন্যূনতম মজুৰি মাহিলি ২৬,০০০ টকা ধার্য কৰা আৰু শ্রম কোড বাতিল কৰা মুঠ ছদফীয়া দাবী লৈ আজি বিক্ষোভ প্ৰদৰ্শন কৰে শ্ৰমিক সংগঠনৰ সদস্যসকলে।
চিটু অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজিৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছত বঙাইগাঁও শোধনাগাৰৰ শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ সভাপতি বিমল চন্দ্ৰ ৰায় আৰু সম্পাদক দিলিপ চন্দ্ৰ ৰায় স্বাক্ষৰিত ৬ দফীয়া দাবী সম্পন্ন স্মাৰক পত্ৰ বঙাইগাঁও শোধনাগাৰৰ কাৰ্য্যবাহী সঞ্চালকৰ জড়িয়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।
Also Read: বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ চৌধুৰীৰ বিয়োগত মন্ত্ৰী ৰণজিৎ দাসৰ শোক প্ৰকাশ