প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান...

বঁটাত আছে মানপত্ৰৰ লগতে লেখকৰ বাবে ৫ লাখ টকা আৰু প্ৰকাশকৰ বাবে ৩ লাখ টকা
প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান...
প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম প্রকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ সন্মানীয় 'প্রকাশন পৰিষদ সাহিত্য বঁটা' ২০২৪ বৰ্ষৰ বাবে প্ৰদানৰ যাবতীয় ব্যৱস্থা হাতত লোৱা হৈছে। ২০২১ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্রকাশক দুয়োগৰাকীকে 'প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪' ৰে পুৰস্কৃত কৰা হ'ব।

আজি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটাত গ্ৰন্থৰ লেখকক পাঁচ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্রকাশকক তিনি লাখ টকাৰ লগতে মানপত্র প্রদান কৰা হ'ব। নির্ধাৰিত সময়সীমাৰ ভিতৰত প্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্রন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব।

প্ৰ-পত্ৰৰ সৈতে গ্রন্থৰ চাৰিটা কপি অহা ১৫-১১-২০২৪ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। প্র-পত্র অনলাইনযোগে (ই-মেইল) প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ চাৰিটা কপি প্ৰেৰণ কৰিব পাৰিব।

প্র-পত্রখন অসম প্রকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ'ব। বেৱচাইট www.publicationboardassam.com প্র-পত্ৰ প্ৰেৰণৰ ডাক ঠিকনা: সচিব, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১ ই-মেইল: assampublicationboard@gmail.com ।

প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৪ ৰ বাবে গ্রন্থ আহ্বান...
অভিলেখ সংখ্যক ৩০ কোটিৰ মদ বিক্ৰী হ'ল গুৱাহাটীতঃ সংঘটিত হ'ল শতাধিক দুৰ্ঘটনাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in