ডিজিটেল সংবাদ,ছয়দুৱাৰ: অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা হিচাপে সুপৰিচিত গহপুৰ মহকুমাৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাই প্ৰকাশ কৰা উদীয়মান লেখক ডাঃ মানস কাথ হাজৰিকাৰ দুখন গ্ৰন্থ দেওবাৰে আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। গ্ৰন্থ দুখন উন্মোচন কৰে ডাঃ মানস কাথ হাজৰিকাক জীৱনৰ আদিপাঠ শিকোৱা প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষাগুৰুৱে।
এই উপলক্ষে ডাঃ মানস কাথ হাজৰিকাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰক্তিম ফুকনৰ ব্ৰহ্মাজানস্থিত বাসগৃহৰ প্ৰাঙ্গণত চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত এখন বিশেষ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সাহিত্যানুৰাগী মহিলা তথা সমাজ কল্যাণ বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া দিপালী হাজৰিকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভা খনত সভাপতিত্ব কৰে চিত্ৰবন স্বৰ্ণদল সাহিত্য সভাৰ উপ সভাপতি তথা বিশিষ্ট অভিনেতা খগেন সন্দিকৈয়ে।
চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সম্পাদক বিনোদ আত্ৰেয়ই সামগ্ৰিক ভাবে আঁত ধৰা সভা খনত উদীয়মান লেখক তথা চিকিৎসক ডাঃ মানস কাথ হাজৰিকাৰ দুখন গ্ৰন্থ ক্ৰমে " যুদ্ধ, এটি অকণমানি ল'ৰা আৰু এপাচি প্লাম " ( গল্প সংকলন) আৰু " বৰষুণৰ নিচুকনি গীত " ( কবিতা সংকলন) আনুষ্ঠানিক ভাবে উন্মোচন কৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু উমা শৰ্মা আৰু ৰক্তিম ফুকনে।
চমু উন্মোচনী ভাষণ প্ৰদান কৰি শিক্ষাগুৰু ৰক্তিম ফুকনে কয় যে নিজ গাঁৱৰ নপমুৱা প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ২০১৫ চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্য খনৰ ভিতৰত নৱম স্থান লাভ কৰি গহপুৰৰ শৈক্ষিক ক্ষেত্র খনলৈ সুনাম কঢ়িয়াই অনা প্ৰতিভাবান ছাত্র ডাঃ মানস কাথ হাজৰিকাৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাটো তেওঁৰ শিক্ষকতা জীৱনৰ বাবে পৰম সৌভাগ্যৰ বিষয় আৰু আনন্দদায়ক প্ৰাপ্তি।
আন গৰাকী শিক্ষাগুৰি উমা শৰ্মাই চমু বক্তব্য প্ৰদান কৰি কয় যে যি মূলা বাঢ়িব দুপাততে চিন। ডাঃ মানস কাথ হাজৰিকাই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই বিভিন্ন কিতাপ- পত্ৰ অধ্যয়ন কৰাৰ লগতে গল্প, কবিতা আদি লিখাৰ প্ৰয়াস কৰিছিল। দুয়োগৰাকী শিক্ষা গুৰুৱে পৰম সন্তোষিত মনেৰে ডাঃ মানস কাথ হাজৰিকাৰ উজ্জ্বলতৰ ভবিষ্যত কামনা কৰে।
ড০ মানস কাথ হাজৰিকাই ফুলাম গামোচা, চেলেং, সঁফুৰা, জাপি, কলম আৰু গ্ৰন্থৰ টোপালাৰে জীৱনৰ আদিপাঠ শিকোৱা দুয়োগৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ লয়। বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তথা লেখক তৰুণ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰা সভা খনত সমজুৱাৰ একাষাৰ কাৰ্যসূচীত বিশিষ্ট কবি, সমালোচক বিপুল কুমাৰ দিহিঙীয়া, চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা কবি শৰৎ দাস, বিত্ত সম্পাদক মহিম দাস, সাংস্কৃতিক সম্পাদিকা তথা সুলেখিকা শেৱালি কলিতা, কবি, সুলেখিকা ৰশ্মিৰেখা গোহাঁই আৰু সাংবাদিক অভিজিত দাসে চমু বক্তব্য প্ৰদান কৰি অতি কম বয়সতে দুখনকৈ গ্ৰন্থ লিখি উলিওৱা ডাঃ মানস কাথ হাজৰিকাই পৰৱৰ্তী সময়ত সাহিত্যৰ ক্ষেত্ৰ খনলৈ বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে।
চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক ত্ৰৈলোক্য বৰাই শলাগৰ শৰাই আগবঢ়োৱা গাম্ভীৰ্য পূৰ্ণ সভা খনত অসম সাহিত্য সভাৰ আজীৱন সভ্য প্ৰফুল্ল দাস, কবি নিকুমনি শইকীয়া গোহাঁই, মৰমী দত্ত, লক্ষীকান্ত বৰা, যাদৱ বৰা, চিত্ৰবন শাখা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক টিকেন্দ্ৰ গোহাঁই, পৰিস্মিতা ফুকন, জানমণি দিহিঙ্গীয়াসহ একাধিক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে সভা খনত ডাঃ মানস কাথ হাজৰিকাক চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, চেলেং, কিতাপৰ টোপোলা আৰু ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়। সভা খনত উপস্থিত একাধিক ব্যক্তিয়ে ব্যক্তিগত ভাবেও ডাঃ মানস কাথ হাজৰিকাক আশীৰ্বাদসহ অভিনন্দন জ্ঞাপন কৰে।গ্ৰন্থকাৰৰ একাষাৰ কাৰ্যসূচীত চমু বক্তব্য প্ৰদান কৰি ডাঃ মানস কাথ হাজৰিকাই সাহিত্যৰ ক্ষেত্ৰ খনলৈ নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাক বিনম্ৰতাৰে আহ্বান জনায়।
Also Read: বিশিষ্ট চিকিৎসক অৰূপ কুমাৰ নাথক গহপুৰ মহকুমা সাংবাদিক সন্থাৰ ৰাজহুৱা সম্বৰ্ধনা