''পৰম্পৰা আৰু পৰিৱৰ্তনৰ দোমোজাত আইতাৰ পাকঘৰ'' শীৰ্ষক গ্ৰন্থ উন্মোচন

''পৰম্পৰা আৰু পৰিৱৰ্তনৰ দোমোজাত আইতাৰ পাকঘৰ'' শীৰ্ষক গ্ৰন্থ উন্মোচন
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰে উন্মোচন হয় সু-লেখিকা সুপৰ্না লাহিড়ী বৰুৱাৰ ''পৰম্পৰা আৰু পৰিৱৰ্তনৰ দোমোজাত আইতাৰ পাকঘৰ'' শীৰ্ষক গ্ৰন্থ। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন হয়।

গ্ৰন্থখন উন্মোচন কৰি শংকৰ শইকীয়াই কয় যে, সুপৰ্না লাহিড়ী বৰুৱাই খাদ্য সাৰ্বভৌমত্বৰ আহ্বান জনাইছে। সমাজত হেৰাই যাব ধৰা পৰাম্পৰাগত খাদ্য সামগ্ৰী আৰু ইয়াৰ পৰিবৰ্তনৰ মাজত লেখিকাই চোৱা গুৰুত্বপূৰ্ণ কথা হ'ল খাদ্য সাৰ্বভৌমত্ব দৰ্শনে ক'ব খোজে মানুহ আৰু প্ৰকৃতিৰ মাজক যি সম্পৰ্ত সেয়া মাথো লাভ নাইবা ক্ষতিৰ অংশ নহয়। পৰস্পৰ নিৰ্ভৰশীল এটি গভীৰ বিষয়। কৃষি কৰ্মৰ পৰা কৃষি অৰ্থনীতি আৰু তাৰ পাছত বৰ্তমানৰ কৃষি প্ৰযুক্তিৰ বিষয়টো লেখিকাই তুলি ধৰিছে।

উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা, ঔপন্যাসিত বকুলী বৈশ্যই। তেওঁ কয় যে, এই গ্ৰন্থখনেো অসমীয়া সমাজ জীৱনলৈ গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে। পাঠকে গ্ৰন্থখন আদৰি ল'ব বুলি তেওঁ আশাবাদী।

বিশিষ্ট লেখক, ড০ পৰমানন্দ মজুমদাৰে কয় সমাজতাত্বিক দৃষ্টিকোনৰ পৰা প্ৰণয়ন কৰা গ্ৰন্থখনে অসমীয়া সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়াইছে।

ৰীনা দেৱীয়ে আঁতধৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। লগতে গ্ৰন্থখনৰ লেখিকাই গ্ৰন্থখনৰ অন্তৰ্নিহিত উদ্দেশ্য বাখ্যা কৰে।

''পৰম্পৰা আৰু পৰিৱৰ্তনৰ দোমোজাত আইতাৰ পাকঘৰ'' শীৰ্ষক গ্ৰন্থ উন্মোচন
সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in