ঘাঁহিগাঁৱৰ বনালয় সেইজ প্ৰকল্পত গ্ৰন্থ উন্মোচন

ঘাঁহিগাঁৱৰ বনালয় সেইজ প্ৰকল্পত গ্ৰন্থ উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ এহাল আদৰ্শ পিতৃ-মাতৃ। নাম শোভন চন্দ্ৰ শইকীয়া আৰু কুসুম শইকীয়া। গহপুৰ মহকুমাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ বাসিন্দা শোভন চন্দ্ৰ শইকীয়া আৰু কুসুম শইকীয়াক অঞ্চলটিৰ ৰাইজে এইকাৰণেই আদৰ্শ পিতৃ-মাতৃ হিচাপে অভিহিত কৰে যে,তেওঁলোকৰ তিনিটি পুত্ৰ সন্তানকেই তেওঁলোকে সঠিক পথৰ সন্ধান দিবলৈ সক্ষম হৈছে।

তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ দেৱ প্ৰতীম শইকীয়া অভিযন্তা হিচাপে সুদুৰ জাৰ্মানীত প্ৰতিষ্ঠিত হোৱাৰ লগতে দ্বিতীয় পুত্ৰ হৰিৎ প্ৰতীম শইকীয়াই এম বি বি এছ পাঠ্যক্ৰম সমাপ্ত কৰি চিকিৎসক হিচাপে স্বীকৃতি লাভ কৰিছে। আনহাতে কনিষ্ঠ পুত্ৰ বিকাশ প্ৰতীম শইকীয়াই এইবাৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিছে।

কৃষি কৰ্ম, শিক্ষা আৰু কাব্য-সাহিত্য চৰ্চাৰ এখন আদৰ্শৱান ঘৰ হিচাপে সুপৰিচিত শোভন চন্দ্ৰ শইকীয়া বিশ্বনাথ জিলা শিক্ষা বিভাগৰ সমন্বয়কৰ দায়িত্বত থকাৰ উপৰিও বিশ্বনাথ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক। ইয়াৰোপৰি তেওঁ ছয়দুৱাৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিৰ আসন অলংকৃত কৰি আহিছে।

আনহাতে তেওঁৰ পত্নী কুসুম শইকীয়া স্থানীয় ৰয়েল ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত। শোভন চন্দ্ৰ শইকীয়াই ঘৰতে স্থাপন কৰা বনালয় সেউজ প্ৰকল্প নামৰ উদ্যানখনৰ লগতো তেওঁলোক জড়িত।

যিখন উদ্যানে হাত বাউলি দি মাতে বাটৰুৱাক। জানিবলৈ দিয়া অনুসৰি, শোভন চন্দ্ৰ শইকীয়া বনালয় সেউজ প্ৰকল্পৰ সভাপতি আৰু কুসুম শইকীয়া সঞ্চালিকাৰ দায়িত্বত অধিষ্ঠিত হৈ বনালয়খনৰ জৰিয়তে এক সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে।

তিনি পুত্ৰ সন্তানক সঠিক পথৰ সন্ধান দিয়াৰ সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থাকিও তেওঁলোকে নিষ্ঠা আৰু সততাৰে অব্যাহত ৰাখিছে কাব্য, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা। ইয়াৰে অংশস্বৰূপে তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা দুখনকৈ গ্ৰন্থ মঙলবাৰে আনুষ্ঠানিভাৱে উন্মোচন কৰা হয়।

বনালয় সেউজ প্ৰকল্পত সুৰভি সাহিত্য সমাজৰ প্ৰাক্তন সভাপতি উদয় নাৰায়ণ গৌতমে উক্ত অনষ্ঠানত পৌৰহিত্য কৰে। গ্ৰন্থ উন্মোচনী সভাখনত শোভন শইকীয়াৰ গ্ৰন্থ "আত্মোৎকৰ্ষ আৰু ইচ্ছাশক্তিৰে গ্ৰাম্য পটভূমিৰ পৰা জাৰ্মানীলৈ" শীৰ্ষক গ্ৰন্থখন তেওঁৰ জ্যেষ্ঠ ভাতৃ লক্ষী প্ৰসাদ শইকীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।

একেদৰে কুসুম শইকীয়াৰ গ্ৰন্থ "ক্ৰান্তিকালৰ চেতনা স্ৰোত" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে তেওঁৰ নবৌয়েক বিশ্বনাথ চাৰিআলিৰ ৰেখা বৰা ভূঞা আৰু ভাতৃ শিমলুগুৰীৰ অচ্যুত ভূঞাই। উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ অসম নাট্য সন্মিলনৰ আহ্বায়ক দিলীপ শৰ্মা।

শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, "উঠি অহা প্ৰজন্মৰ শৈক্ষিক উত্তৰণে এখন ঘৰৰ বা এটা পৰিয়ালৰ ঐতিহ্য জিলিকাই তোলে।" শোভন চন্দ্ৰ শইকীয়া আৰু কুসুম শইকীয়াৰ তিনিটি পুত্ৰৰে সফল শৈক্ষিক যাত্ৰাই পৰিয়ালটোক সুখী কৰি তোলা বুলি উল্লেখ কৰি তেওঁলোক দুয়ো আজিৰ সমাজৰ বাবে আদৰ্শ পিতৃ-মাতৃ আৰু সফল অভিভাৱক বুলি মন্তব্য কৰে।

সীমাহীন ব্যস্ততাৰ মাজতো তেওঁলোকে দুখনকৈ গ্ৰন্থ উন্মোচন কৰি পাঠক সমাজৰ হাতত তুলি দিয়া কাৰ্য্যক শলাগ লয় দিলীপ শৰ্মাই। উক্ত সভাত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অপূৰ্ব ফুকন, বিশ্বনাথ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিৰণ্য বৰা,বিশ্বনাথ জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শৰ্মাৰ উপৰিও কাব্য-সাহিত্যৰ লগত জড়িত ব্যক্তি গৌতম বৰা,দ্বীজেন ভূঞা, সিদ্ধেশ্বৰ হাজৰিকা, নিত্য ভূঞা, ৰেণু শইকীয়া বৰা,সেউতী বৰা,বৰ্ণালী শইকীয়া, কৃপালী গোস্বামী, নবীন শইকীয়া, বিপিন বৰা,নামাঞ্জলী বৰুৱা,ৰুণজুন ভূঞা, শান্তিৰাণী দেৱী বৰুৱা,বিপুল দিহংগীয়া,তৰণী দে',ৰাজু গৌতম,পৰিক্ষী ৰাজখোৱা আদি উপস্থিত থাকে।

উল্লেখ্য যে, শোভন চন্দ্ৰ শইকীয়া আৰু কুসুম শইকীয়াৰ ৩৩ সংখ্যক বিবাহ বাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি ভাষণ আগবঢ়াই কুসুম শইকীয়াই।

ঘাঁহিগাঁৱৰ বনালয় সেইজ প্ৰকল্পত গ্ৰন্থ উন্মোচন
অমৃতসৰত নিয়াৰ অভিযান : গ্ৰেপ্তাৰ দুই ভাতৃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in