ডিজিটেল সংবাদ, কাজিৰঙাঃ বিগত পাঁচটা বছৰে চলোৱা অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে যুগুতাই উলিওৱা বুবুল শৰ্মাৰ 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী-হাতী আৰু মাউত' গ্ৰন্থখন দেওবাৰে কাজিৰঙাত উন্মোচন কৰা হয় ৷ কাজিৰঙা বন বিভাগৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন কাজিৰঙা বন বিভাগৰ শতবৰ্ষ সমাৰোহ কেন্দ্ৰৰ পুথিভঁৰালত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উন্মোচন কৰে৷
গ্ৰন্থখনৰ ৰচক বুবুল শৰ্মাই কয় যে ১৯০৮ চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া কাজিৰঙাৰ ১১৮ বছৰীয়া সংৰক্ষণ ইতিহাসত বিভাগীয় হাতী আৰু মাউতৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ তেখেতে কয়, ১৮৮৬ চনত জন্ম হোৱা আকবৰ নামৰ সাহসী হাতীটোৱে কাজিৰঙাক ১৯৫৬ চনলৈকে সেৱা আগবঢ়াই মৃত্যুক সাৱটি লৈছিল৷ একেদৰে দেওকলি (১৯২৮-৮৭), মোহন(১৮৯৮-৭২) লৈকে সেৱা কাজিৰঙাক সমৃদ্ধ কৰি গৈছিল৷
একেদৰে মাউতৰ ক্ষেত্ৰত প্ৰয়াত ৰঙাই ৰাভা, চন্দ্ৰ হাজৰিকা, বিহুৱা গগৈ, তালি আঙু, মংগলু দাস আদি মাউতে কাজিৰঙাৰ সংৰক্ষণৰ আৰম্ভণিৰ পৰাই কাজিৰঙাক মাতৃ জ্ঞান কৰি সেৱা আগবঢ়াই কাজিৰঙাক মহীয়ান কৰি তুলিছিল ৷ বৰ্তমানেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬৮ টা হাতী আৰু প্ৰায় ১০০ মাউত আৰু ঘাঁচীয়ে কাজিৰঙাক সেৱা আগবঢ়াই আছে৷
এক অৰ্থত বনৰক্ষী-মাউতৰ দৰে হাতীবোৰো ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী৷ কিন্তু, গৌৰৱোজ্বল কাজিৰঙাৰ ইতিহাসত কাজিৰঙাৰ এইসকল অতন্দ্ৰ প্ৰহৰী হাতী আৰু মাউতৰ জীৱনী ইতিহাসত লিখিত ৰূপত সংৰক্ষণ কৰা হোৱা নাছিল৷ কাজিৰঙাৰ হাতী আৰু মাউতসকলৰ প্ৰতি শ্ৰদ্ধা জনায়েই এই গ্ৰন্থখন যুগুতাই উলিয়ায় বুলি উল্লেখ কৰে বুবুল শৰ্মাই৷
ইপিনে, বিগত ৫ বছৰে কাজিৰঙাৰ সন্তান বুবুল শৰ্মাই কেইজন মান ভাতৃ-বন্ধুৰ সহায়ত মাউতৰ ঘৰে ঘৰে গৈ বহু সময় আৰু অৰ্থ খৰছ কৰি তথ্য-পাতি গোটাই আজি গ্ৰন্থখন বনবিভাগৰ হাতত তুলি দিয়ে৷ এই প্ৰসংগত শৰ্মাই কয়, হাতী মাউতৰ বৃত্তিটো নানান সমস্যাৰে ভাৰাক্ৰান্ত৷ কাজিৰঙাত কেজুৱেল মাউতৰ সমস্যা আদিৰ উপৰিও কাজিৰঙাৰ হাতীবোৰ পৰিচৰ্যা আদিৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন৷ এই দিশটোত অসমৰ হস্তীপ্ৰেমীসকলেও কিছু সহায়ৰ হাত আগবঢ়োৱা উচিত৷
ইপিনে, গ্ৰন্থখন উন্মোচন কৰি বনমন্ত্ৰী পাটোৱাৰীয়ে কয় যে এই গ্ৰন্থখনে হাতী আৰু মাউতৰ প্ৰতি বিশেষ শ্ৰদ্ধা প্ৰকাশৰ যোগেদি সমাজলৈ এক ইতিবাচক চিন্তা কঢ়িয়াই আনিব ৷ উল্লেখযোগ্য যে অক্টোবৰ মাহৰ ভিতৰত কিতাপখন বিক্ৰী কৰি পোৱা ধনৰাজী হাতী আৰু মাউতৰ কল্যাণ পুঁজিলৈ আগবঢ়াব বুলি সচেতন ৰাইজে আশা কৰিছে৷ আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ড° সোণালী ঘোষ, বিভিন্নগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে বিশিষ্ট লেখক পদ্ম গগৈ, লেখক কুমাৰ বিভূতি, কবি লচী গগৈৰ লগতে উপস্থিত থাকে৷
Also Read: বিহপুৰীয়াত ঠেঙাল কছাৰী পৰিষদৰ উদ্যোগত জ্ঞান বিকাশ বটাঁ প্ৰদান