পথালি পাহাৰৰ ৰঙতিত বৰ্ণাঢ্য শোভাযাত্ৰাঃ অনুষ্ঠিত হ'ব বৰগীত, দিহানাম প্ৰতিযোগিতা...

পথালি পাহাৰৰ ৰঙতিত বৰ্ণাঢ্য শোভাযাত্ৰাঃ অনুষ্ঠিত হ'ব বৰগীত, দিহানাম প্ৰতিযোগিতা...

author-image
Asomiya Pratidin
New Update
পথালি পাহাৰৰ ৰঙতিত বৰ্ণাঢ্য শোভাযাত্ৰাঃ
অনুষ্ঠিত হ'ব বৰগীত, দিহানাম প্ৰতিযোগিতা...

পথালি পাহাৰৰ ৰঙতিত বৰ্ণাঢ্য শোভাযাত্ৰাঃ অনুষ্ঠিত হ'ব বৰগীত, দিহানাম প্ৰতিযোগিতা...

ডিজিটেল সংবাদ বান্দৰদেৱাঃ আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ পথালি পাহাৰৰ সমীপৰ ৰঙতিত দুদিনীয়া কাৰ্যৰ্সূচীৰে আৰম্ভ হৈছে বৰগীত দিহানাম প্ৰতিযোগিতাৰ লগতে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান।পুৱা পতাকা উত্তোলনৰ পিছতে উলিওৱা হয় এক বৰ্ণাঢ্য শোভাযাত্ৰা।

এই শোভাযাত্ৰাত অঞ্চলটোৰ জাতি, ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশ লয়।ইয়াৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান।

নিশালৈ বিশিষ্ট দিহানামৰ শিল্পী কমলা গগৈয়ে দিহানাম পৰিবেশন কৰিব।কাইলৈ বৰগীত আৰু দিহানাম প্ৰতিযোগিতাৰ লগতে নিশাৰ ভাগলৈ গাঁৱৰ শিল্পী সকলে ভাওনা পৰিবেশন কৰিব।

ক্লিক কৰি পঢ়কঃ আমেৰিকাই চোৰ কৰিছিল নেকি ভাৰতৰ মূৰ্তি ! কেৰালাত হেৰুওৱা মূৰ্তি আছে যুক্তৰাষ্ট্ৰৰ সংগ্ৰহালয়ত...

ৰঙতি পথালি পাহাৰ দিহানাম প্ৰতিযোগিতা বৰগীত