প্ৰসিদ্ধ চিন্তাবিদ, শিক্ষাবিদ তথা বিশিষ্ট লিখক ড০ প্ৰফুল্ল মহন্তৰ বিয়োগত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ…

প্ৰসিদ্ধ চিন্তাবিদ, শিক্ষাবিদ তথা বিশিষ্ট লিখক ড০ প্ৰফুল্ল মহন্তৰ বিয়োগত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ…

author-image
asomiyapratidin
New Update
প্ৰসিদ্ধ চিন্তাবিদ, শিক্ষাবিদ তথা বিশিষ্ট লিখক ড০ প্ৰফুল্ল মহন্তৰ বিয়োগত শোক প্ৰকাশ বড়ো সাহিত্য সভাৰ…

ডিজিটেল ডেস্ক : বিশিষ্ট লিখক, শিক্ষাবিদ তথা চিন্তাবিদ ড০ প্ৰফুল্ল মহন্তৰ ২০২২ চনৰ ২ ছেপ্তেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰলোকপ্ৰাপ্তি ঘটে । সুদীৰ্ঘ কাল আনন্দ ৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি কেন্দ্ৰৰ সঞ্চালক ৰূপে কাৰ্য্য নিৰ্বাহ কৰাৰ অন্তত পেঞ্চনৰ কোনো সুবিধা লাভ নকৰাকৈয়ে অৱসৰ লৈছিল লিখকগৰাকীয়ে । দীৰ্ঘ দিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষৰ কালছোৱাত চৰকাৰৰ পৰা সম্পূৰ্ণৰূপে অৱহেলিত হৈ ৰৈছিল ড০ প্ৰফুল্ল মহন্ত ।
ড০ মহন্তই তেখেতৰ বৰ্ণিল জীৱনকালত খিলঞ্জীয়া ভূমিপুত্ৰ তথা বড়ো জনজাতিৰ আৰ্থ সামাজিক, শিক্ষা ও ৰাজনৈতিক বাদানুবাদৰ সম্পৰ্কে বিষদভাৱে পৰ্য্যালোচনা কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ।
এনে এগৰাকী প্ৰসিদ্ধ লিখক, চিন্তাবিদ তথা শিক্ষাবিদৰ পৰলোক প্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰে বড়ো সাহিত্য সভাই । ইয়াৰ সৈতেই ড০ প্ৰফুল্ল মহন্তৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি তেখেতৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

আৰু পঢ়ক : চিৰাঙৰ কাজলগাঁৱত "সখী এক্সপ্ৰেছ" আচঁনিৰ ৫৬ খন স্কুটি বিতৰণ…

assam boro sahitya sabha