এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত বৰপেটাৰ বান পৰিস্থিতি; শিবিৰত খাদ্য সংকট...

নিয়ন্ত্ৰণ হোৱা নাই বৰপেটাৰ বান পৰিস্থিতি; শিবিৰত খাদ্য সংকট।

author-image
Asomiya Pratidin
New Update
এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত বৰপেটাৰ বান পৰিস্থিতি; শিবিৰত খাদ্য সংকট...

ডিজিটেল ডেস্ক : বৰপেটাত এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত বান পৰিস্থিতি। বাৰিষাৰ প্ৰথমজাক বানে ধোৱা ৰাজ্যত ঠায়ে ঠায়ে এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত আছে বান পৰিস্থিতি। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত পৰাৰ পিছত শিবিৰৰ পৰা বানে ধোৱা হেঁপাহৰ ঘৰখনলৈ উভতিছে বৰ্নাত্য।

পিছে এতিয়াও অনিয়ন্ত্ৰিত অৱস্থাত আছে ৰাজ্যৰ হাজাৰখন গাঁৱৰ বান। বৰপেটাত ২০,০০০ লোক এতিয়াও বানৰ কবলত। ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি জিলাখনৰ চেঙা, সৰ্থেবাৰী আৰু বৰপেটা তিনিওটা মহকুমাত বৰ্তমানেও ৩৭খন গাঁও বানৰ কবলত। য'ত ৩৮ হেক্টৰ কৃষি ভূমি বিনষ্ট হোৱাৰ উপৰিও কেইবাটাও পথ-মথাউৰি আছে পানীৰ তলত।

আনহাতে বৰ্নাত্যসকলৰ অভিযোগ কোনো সাহাৰ্য পোৱা নাই চৰকাৰী কিম্বা বেচৰকাৰী সংস্থাৰ পৰা। শিবিৰতো খাদ্য সংকটে দেখা দিয়াত যমৰ যতনাত ভুগিছে বৰ্নাত্য। নিজৰ হেঁপাহৰ ঘৰখনলৈ যাব নোৱাৰৰ দুখৰ সমান্তৰালভাবে দিন হাজিৰা কৰি উপাৰ্জনৰ বাট মুকলোৱা বৰ্নাত্যৰ উপাৰ্জনৰ ক্ষেত্ৰতো তথৈৱচ অৱস্থাই দেখা দিছে। আকৌ জিলাখনৰ ২১,০০০ পশুধন বানৰ কবলত পৰাৰ তথ্যও প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। উল্লেখ্য যে, ৰাজ্যৰ ১৫২৬.০৮ হেক্টৰ কৃষি ভূমি বৰ্তমানেও বানৰ কবলত।

Also Read: ইন্সপেক্টৰ ৰয়, এতিয়া কিহৰ ভয়...

GOVT OF ASSAM