প্ৰতিদিন সংবাদ, বৰপেটা : সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত সোমবাৰে ৰাজ্যজুৰি চৰকাৰী কৰ্মচাৰী সকলে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে। ৰাজ্যৰ আন জিলাৰ লগতে বৰপেটা জিলাৰ মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো এন পি এচৰ অধীনৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
কৰ্মচাৰী সকলে ক'লা বেজ পৰিধান কৰি প্লে-কাৰ্ড লৈ নতুন পেঞ্চন নীতি বাতিল কৰক, পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৷ প্ৰতিবাদস্থলীত স্বাস্থ্যকৰ্মী হেৰম্ব পাঠকে কয় যে, চৰকাৰে নতুন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰি কৰ্মচাৰী সকলৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশে লৈ গৈছে ৷ বৰ্তমান অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী সকলে পৰিয়াল পোহ-পাল দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷
সেইবাবে চৰকাৰে অনতিপলমে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰিব লাগে ৷ তেতিয়াহে কৰ্মচাৰী সকলৰ ভৱিষ্যত সুৰক্ষিত হ'ব ৷ উল্লেখ্য যে, সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এম পি ডব্লিউ, এচ ডব্লিও, বি এইচ ডব্লিউ, নাৰ্চ আদি কৰ্মচাৰী সকল উপস্থিত থাকে ৷
চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত জনীয়া ৰাজ্যিক চিকিৎসালয়, বাঘবৰ, কদমতলা, আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো স্বাস্থকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।