ডিজিটেল সংবাদ,গুৱাহাটী: কৰ্কট ৰোগৰ লগত জড়িত অগ্ৰণী প্ৰতিষ্ঠান দীপশিখা ফাউণ্ডেশ্যন আৰু নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ সহযোগত দেওবাৰে শিলপুখুৰী ৰাজহুৱা নামঘৰত কৰ্কট ৰোগৰ এক সজাগতা শিবিৰ আৰু বিনামূলীয়া মেম'গ্ৰাফী পৰীক্ষা অনুষ্ঠিত হয়।
শিলপুখুৰী ৰাজহুৱা নামঘৰৰ উদ্যোগত অনুষ্ঠিত উক্ত সজাগতা সভাত ৪০ৰ উৰ্ধৰ প্ৰায় ৫০ গৰাকী মহিলাৰ মেম'গ্ৰাফী কৰা হয়। উক্ত সজাগতা সভাত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ অধ্যক্ষ গনেশ তামুলী,ডা. সত্যেন চৌধুৰী,ডা. ৰাজ চাং কাকতি,ডা. জুৰি বৰগোহাঁই, মৃন্ময়ী গোস্বামী, কুশল কুমাৰ শৰ্মা,মনিকা গোস্বামী, বিশ্ব কুমাৰী শইকীয়া আদি উপস্থিত থাকে। অভিজ্ঞ চিকিৎসক সকলে কেইবাগৰাকী মহিলাৰ বিভিন্ন প্ৰশ্নৰ যথাযথ উত্তৰ দিয়ে।
Also Read: বটদ্ৰৱা আৰক্ষীৰ জালত নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহকাৰী...