ডিজিটেল ডেস্কঃ যোৱা ১ আগষ্টৰ পৰা সমগ্ৰ বিশ্বৰ লগতে অসমতো উৎযাপিত হৈ আছে বিশ্ব স্তনপান সপ্তাহ। ইয়াৰ লগত সংগতি ৰাখি মাতৃদুগ্ধৰ উপকাৰিতা আৰু স্তনপানৰ প্ৰয়োজনতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসম মহিলা আৰু শিশু উন্নয়ন বিভাগে গ্ৰহণ কৰিছে এক প্ৰসংশনীয় পদক্ষেপ। গুৱাহাটী ৰে'লৱে ষ্টেচন আৰু কামাখ্যা জংচনত অসম মহিলা আৰু শিশু উন্নয়ন বিভাগে স্থাপন কৰিছে স্তনপান কক্ষ।
ৰাজহুৱা স্থানত স্তনপানৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰেই গুৱাহাটী আৰু কামাখ্যা ৰে'লৱে ষ্টেচনত স্থাপন কৰা হৈছে এই স্তনপান কক্ষসমূহ। ইয়াত মাতৃসকলৰ গোপনীয়তাৰ সম্পূৰ্ণ যত্ন ৰখা হ'ব য'ত তেওঁলোকে বিনাদ্বিধাই শিশুসকলক দুগ্ধপান কৰাব পাৰিব। এই কক্ষসমূহ মাতৃসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় তথ্য সামগ্ৰীৰে সজ্জিত কৰা হৈছে। লগতে তথ্য, শিক্ষা আৰু যোগোযোগৰ বিভিন্ন সম্পদৰ তথ্যৰে কক্ষটোৰ দেৱালসমূহ সজোৱা হৈছে।
মাতৃদুগ্ধপানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা এই উদ্ভাৱনীমূলক পদক্ষেপেৰে অসম মহিলা আৰু শিশু উন্নয়ন বিভাগে মাতৃ আৰু শিশু দুয়োৰে স্বাস্থ্যৰ সুস্থতাৰ বিষয়ে প্ৰচাৰৰ চেষ্টা কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। লগতে এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে স্তনপানৰ প্ৰয়োজনীয়তাৰ বিষয়ে কেৱল মাতৃসকলৰ মাজতেই নহয় বৃহত্তৰ সমাজখনতো সজাগতা সৃষ্টিৰ প্ৰচেষ্টাও চলাইছে।
Also Read: উচ্চতম ন্যায়ালয়ৰ সকাহ! সাংসদ পদ ঘূৰাই পাবলৈ কি কৰিব লাগিব ৰাহুল গান্ধীয়ে ?