ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা…

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা…

author-image
asomiyapratidin
New Update
ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা…

ডিজিটেল সংবাদ, লামডিংঃ লামডিং ৰেলৱে জংচনত উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ । গুৱাহাটী -লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ (আৰ পি এফ) ৰ  তহলদাৰী দলে উদ্ধাৰ কৰে ব্ৰাউন চুগাৰখিনি । ১৫৬২৫ উজনীমুৱা  দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলখনৰ  AC  ডবাৰ এটা পৰিত্যক্ত বেগৰ পৰা ৰেলৱে সুৰক্ষা বাহিনীৰ তহলদাৰী দলে জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷ ৫৭ টা চাবোনৰ বাকচত ৭৫৫ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ হয় ৷ উদ্ধাৰ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৭৫ লাখ টকাৰ  অধিক হ'ব বুলি জানিব দিয়ে ৰেলৱে সুৰক্ষা বাহিনীয়ে ৷ আৰ পি এফৰ দলটিয়ে যদিওবা বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰিছে কিন্তু এই সংক্ৰান্তত এতিয়ালৈকে এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

বিভিন্ন সময়ত বৰ্তমান চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে  অভিযান চলাই ড্ৰাগছ জব্দ কৰিছে অথবা দাহন কৰিছে কেইবাশ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী কিন্তু আৰক্ষী চৰকাৰক কেৰেপ নকৰে  ড্ৰাগছ তথা নিষিদ্ধ সামগ্ৰী সৰৱৰাহকাৰীয়ে ৷ ভাৰতীয় ৰেলত ৭৫৫ গ্ৰামৰ বৃহৎ পৰিমানৰ  ব্ৰাউন চূগাৰ উদ্ধাৰ কৰা ঘটনাই ৰেল বিভাগ তথা ৰেল আৰক্ষীৰ শিথিলতাক উদঙাই দিছে ৷

আৰু পঢ়কঃ বালি মাফিয়াক খেদিবলৈ বন বিভাগৰ দুই জাঁইকৈ গুলি নিক্ষেপ

drugs Narcotics. lumding railway police