কাছাৰত বি এছ এফে জব্দ কৰিলে ৭ টা ম'হ

কাছাৰত বি এছ এফে জব্দ কৰিলে ৭ টা ম'হ
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰ : ভাৰত-বাংলাদেশ সীমান্তত গোপনে বাংলাদেশলৈ সৰবৰাহ কৰা ম'হ জব্দ। নিশা কাছাৰত‌ ম'হ সৰবৰাহ কৰাৰ সময়ত ৭ টাকৈ চোৰাং ম'হ বি এছ এফে জব্দ কৰে।

জানিব পৰামতে কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ হৰিনগৰ ভাৰত-বাংলাদেশ সীমান্তৰে নিশাৰ‌ ভাগত ম'হ কেইটা বাংলাদেশলৈ সৰবৰাহৰ যো-জা চলাইছিল চোৰাং ব্যৱসায়ীয়ে।‌ গোপনে খবৰ‌ৰ ভিত্তিত বি এছ এফৰ শিলচৰ- মিজোৰাম আৰু কাছাৰ ফ্ৰন্টিয়াৰ বি এছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে ম'হ কেইটা জব্দ কৰে।‌

ইফালে, বিএছএফ অহাৰ উমান পাই ম'হ এৰি পলায়ন কৰে চোৰাং ব্যৱসায়ীয়ে। জব্দ কৰা ম'হ কেইটা পৰৱৰ্তী সময়ত উদাৰবন্দ গো-শালাত গতাই দিয়া হ'ব বুলি জানিব পৰা গৈছে।

কাছাৰত বি এছ এফে জব্দ কৰিলে ৭ টা ম'হ
চৰণীয়া পথাৰত পৰিণত যোৰহাট ষ্টেডিয়াম : নিমাত ক্ৰীড়া বিভাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in