সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতিৰ ক্ষোভ...

সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতিৰ ক্ষোভ...

author-image
Dimpul Borgohain
New Update
সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতিৰ ক্ষোভ...


ডিজিটেল সংবাদ, চিৰাংঃ বিটিআৰ এলেকাৰ অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ নামত বিদ্যালয় সমূহত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলক অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনে ফুটবলৰ দৰে ব্যবহাৰ কৰি খেলি আছে বুলি সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতিয়ে ক্ষোভৰ সৈতে প্ৰকাশ কৰে ।

দহদফীয়া দাবী উত্থাপন কৰি ১৬ আগষ্টৰ পৰা পাঁচদিনীয়া কৰ্মবিৰতি চলি থকাৰ মাজতেই আজি চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতি ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰশাসনলৈ দহদফীয়া দাবী সম্পন্ন স্মাৰক পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ।

তেখেত কয় যে প্ৰমোদ বড়োই বিটিআৰ শান্তিচুক্তি সম্পাদিত কৰি আহি ৰাজহুৱা সভা সমিতিত সগৰ্বে ঘোষনা কৰিছিল যে বিটিআৰ শান্তিচুক্তিৰ ৬.৩ অনুচ্ছেদ অনুসৰি বিটিআৰ এলেকাৰ ভেঞ্চাৰ স্কুল সমূহক প্ৰাদেশীকৰণ কৰা হব । তেখেতৰ এই পদক্ষেপক ইমান বছৰে বিনা পাৰিশ্ৰমিকত শিক্ষকতা কৰি অহা শিক্ষক শিক্ষয়িত্ৰী সকলে আঁদৰণি জনাইছিলো আৰু এটা ভবিষ্যত আশাৰ কিৰণ দেখিবলৈ পাইছিলো । সেইমৰ্মে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতি ফালৰ পৰা সময়ে সময়ে বিটিচি প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ ওচৰত গৈ বিটিআৰ শান্তিচুক্তিৰ দফা ৬.৩ অনুসৰি অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ কথা উত্থাপন কৰিলে তেখেতে বিত্তীয় সমস্যাৰ কথা উল্লেখ কৰাৰ লগতে বিভিন্ন অজুহাত দেখুৱাই অসম চৰকাৰৰ ওচৰত যোৱা বুলি পঠিয়াই দিয়ে !

ইপিনে অসম চৰকাৰৰ সৈতে সাক্ষাৎ কৰিলে অসম চৰকাৰৰ পৰা এই বিষয়টো বিটিচি প্ৰশাসনৰ বুলি প্ৰমোদ বড়োলৈ ঠেলি পঠিয়াই দিয়ে ।এনেদৰেই প্ৰায় চাৰি বছৰ ধৰি বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে বিটিআৰ এলেকাৰ ভেঞ্চাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সকলক ফুটবলৰ দৰে ব্যৱহাৰ কৰি ইজনে সিজনলৈ গতিয়াই দি আছে বুলি আক্ষেপৰ সৈতে অভিযোগ উত্থাপন কৰে সদৌ বিটিআৰ অপ্ৰাদেশীকৃত প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষক সমন্বয়ৰক্ষী সমিতিৰ সভাপতি উমেশ মণ্ডলে। কিন্তু দুৰ্ভাগ্যজনক কথা বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱা ইতিমধ্যেই চাৰিবছৰ উকলি গৈছে কিন্তু বিটিচি প্ৰশাসনৰ পৰা বিটিআৰ শান্তিচুক্তিৰ আধাৰত দিয়া প্ৰতিশ্ৰুতি এতিয়াও প্ৰতিশ্ৰুতি হৈয়ে আছে ।

ছাত্ৰ ছাত্ৰীৰ সকলৰ শিক্ষা ক্ষতি কৰি আমি এই কৰ্মবিৰতি আন্দোলন কৰিব বিছৰা নাছিলো কিন্তু বছৰৰ পিছত বছৰ ধৰি পেটত গামোছা বান্ধি বিনা পাৰিশ্ৰমিকত শিক্ষকতা কৰি যাম বুলি বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা কৰি অতিশীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ কৰাৰ দাবী জনায় ।

কৰ্মবিৰতিৰ বাবে অপ্ৰাদেশীকৃত বিদ্যালয় সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তাৰ বাবে উমেশ মণ্ডলে দুখ প্ৰকাশ কৰে প্ৰয়োজনত অতিৰিক্ত সময় পাঠদান দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে ।

Also Read: লক্ষ্য উপ নিৰ্বাচনঃ এইবাৰ বিহালী ৰণক্ষেত্ৰত নামিব সাংসদ গৌৰৱ গগৈ...

বিটিআৰ