বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন আৰম্ভ...

মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন । ৮০০ কোটি টকাৰ সাধাৰণ বাজেট দাখিল । বিপিএফ দলৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বাজেট সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

author-image
Asomiya Pratidin
New Update
বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন আৰম্ভ...

বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ বিটিচি পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন । ৮০০ কোটি টকাৰ সাধাৰণ বাজেট দাখিল । বিপিএফ দলৰ নেতা তথা বিৰোধী দলৰ দলপতি দেৰহাছাৎ বসুমতাৰীয়ে বাজেট সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । বাজেটক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিভাগীয় চেক্টৰেল এক্সন প্লেন নিদিয়াত ক্ষোভ প্ৰকাশ কৰে ।

বিৰোধী দলৰ দলপতিগৰাকীয়ে লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাজেটত ধন ঠিকেই নিৰ্ধাৰণ কৰে, কিন্ত বিটিচি চৰকাৰে বাজেটত ধাৰ্য কৰা ধন খৰছ কৰিব নোৱাৰে । শ্বহীদৰ নামত বাজেটত ধাৰ্য কৰা ধনো খৰছ কৰিব পৰা নাই চৰকাৰে । ৰাজ্য চৰকাৰে ধাৰ্য কৰা ২০০ কোটি এটকাও খৰছ কৰিব পৰা নাই ।

ইপিনে কাৰ্যবাহী সদস্য গৌতম দাসে মন্তব্য কৰে যে পূৰ্বৰ চৰকাৰে টকা জধে-মধে খৰছ কৰিছিল । যাৰবাবেই অনাদেয় ধনৰ পৰিমান বাঢ়ি গৈছিল। বৰ্তমানৰ চৰকাৰে সকলো চাই-মেলি খৰছ কৰে ।

এই লৈ সদনত শাসক -বিৰোধীৰ তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হৈছে । বিপিএফৰ নেতা দেৰহাছাৎ বসুমতাৰীকে ধৰি বহু নেতাই বনাঞ্চলৰ ২০ হাজাৰ হেক্টৰ ভূমি বেদখল কৰিছে বুলি অভিযোগ কৰিছে বুলি দিয়া অভিযোগক বিৰোধীয়ে তথ্য দিয়ক বুলি মন্তব্য কৰি প্ৰত্যাহ্বান জনাইছে ।

বুধবাৰে অন্ত পৰিব বাজেট অধিবেশন । ইপিনে কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় আমি ৰাজনীতিৰ বাবে ৰাজনীতি কৰা নাই । জনতাৰ কল্যানৰ বাবে ৰাজনীতি কৰিছো । উল্লেখ্য যে বুধবাৰে অন্ত পৰিব পৰিষদীয় চৰকাৰৰ বাজেট অধিবেশন ।

Also Read: অৱশেষত চাওমিন কাণ্ডৰ অভিযুক্ত ৰাজু হোটেলৰ স্বত্বাধিকাৰী প্ৰতাপ দাসক গ্ৰেপ্তাৰ ...

#BTCBUDGET