মালিবাৰীত বাণ্ডলে বাণ্ডলে উদ্ধাৰ জাল নোট : দুই যুৱকক আটক

মালিবাৰীত বাণ্ডলে বাণ্ডলে উদ্ধাৰ জাল নোট : দুই যুৱকক আটক
Published on
Updated on

ডিজিটেল সংবাদ, দুমুনিচকী : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মালিবাৰীত নিশা দুজন যুৱকৰ পৰা বাণ্ডলে বাণ্ডলে পাঁচশ টকাৰ জালনোট উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক‌ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাল নোটেৰে সামগ্ৰী ক্ৰয় কৰি থকাৰ সময়তে হাতে-লোটে ধৰা পৰা দুই যুৱকৰ পৰা নকল ৫০০ টকাৰ প্ৰায় তিনিটা বাণ্ডল উদ্ধাৰ হয়।

জানিব পৰা মতে নিশা প্ৰায় ৮ বজাত এ এচ ২৫ টি ৪৫৭১ নম্বৰৰ এখন পালছাৰ বাইকত অহা দুজন যুৱকে মালিবাৰী হাইস্কুলৰ চকত থকা এখন দোকানৰ পৰা গুটখাৰ পেকেট বিচাৰি বিনিময়ত এখন পাঁচশ টকাৰ নোট দিয়ে। দোকানীজনে শিখৰৰ পেকেটৰ দাম ৰাখি বাকী পাবলগীয়া ধন যুৱক দুজনক ওভতাই দিয়ে।

দোকানীৰ পৰা উক্ত ধন পোৱাৰ পিছতে দুই যুৱকে তাৰ পৰা বাইক লৈ আঁতৰি যায়। ইফালে যুৱক দুজনে দিয়া পাঁচশ টকাৰ নোটখন স্পৰ্শ কৰি পৃথক যেন অনুভৱ হোৱাত নোটখন ভালদৰে পৰীক্ষা কৰি চাই উক্ত পাঁচশ টকাৰ নোট খন নকল বুলি নিশ্চিত হয়।

ফলত দোকানীজনে দুজন স্থানীয় ব্যৱসায়ীক লগত লৈ দুখন বাইকেৰে যুৱক দুজনৰ পিছে পিছে ৰাওনা হয়। কিন্তু বেছি দুৰলৈ যাব লগা নৌহওঁতেই নকল পাঁচশ টকাৰে গুটখা ক্ৰয় কৰা দুই যুৱকে মালিবাৰীৰ আনটো চ’কত পুনৰ এখন দোকানৰ পৰা শিখৰ ক্ৰয় কৰি থকাৰ সময়তে দুই যুৱকক হাতে-লোটে কৰায়ত্ব কৰে।

স্থানীয় লোকে মালিবাৰী হাইস্কুলৰ চ’কত দুয়োজন যুৱকক সোধা-পোছা কৰাত যুৱক দুজন বালিসত্ৰৰ অবিনাশ কলিতা (২৪) আৰু আনজন চম্পক কলিতা (২২) বুলি জানিবলৈ দিয়ে। যুৱক দুয়োজনৰ পৰা নকল পাঁচশ টকাৰ তিনিটা বাণ্ডল উদ্ধাৰ কৰা হয়।

বাণ্ডলে বাণ্ডলে নকল পাঁচশ টকা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে স্থানীয় লোক। স্থানীয় লোকে ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে শুকুৰবাৰে নিশা দুয়োজন যুৱকক আটক কৰাৰ লগতে জাল নোটৰ বাণ্ডল আৰু পালছাৰ বাইকখনো জব্দ কৰে।

মালিবাৰীত বাণ্ডলে বাণ্ডলে উদ্ধাৰ জাল নোট : দুই যুৱকক আটক
পূজনীয় দেউতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in