পাঠশালাৰ ৰাজপথত ব্যৱসায়ীক ডকাইতিঃ লুটি নিলে এক লাখ টকা

বজালী জিলাৰ পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত এজন ব্যৱসায়ীৰ সৈতে সংঘটিত হৈছে ডকাইতিৰ ঘটনা। ব্যৱসায়ী নৱ চৌধুৰীৰ পৰা ডকাইতে লুটি নিলে ১ লাখ টকা

author-image
Asomiya Pratidin
New Update
পাঠশালাত ডকাইতিৰ সন্মুখীন ব্যৱসায়ী

ডিজিটেল সংবাদ বজালীঃ বজালী জিলাৰ পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত এজন ব্যৱসায়ীৰ সৈতে সংঘটিত হৈছে ডকাইতিৰ ঘটনা।  

জানিব পৰা মতে ব্যৱসায়ীগৰাকীক ৰাজপথতে আগুছি ধৰি প্ৰথমে আক্ৰমণ কৰে আৰু তাৰ পাছত তেওঁক লুটপাত কৰে। এই ঘটনা সংঘটিত হৈছে পাঠশালাৰ ব্যৱসায়ী নৱ চৌধুৰীৰ লগত। 

ঘটনাৰ বিৱৰণ অনুসৰি ব্যৱসায়ী নৱ চৌধুৰীয়ে আজি পাঠশালাৰ নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ আহি থকাৰ সময়তে ৰাজপথত তিনি দুৰ্বৃত্তই তেওঁক আগুছি ধৰে। তাৰ পাছতে তেওঁৰ পৰা এক লাখ টকা লুট কৰি নিয়ে। 

এই ঘটনাত সামান্য পৰিমাণে আহত হৈছে ব্যৱসায়ী তথা নৱ পান শ্বপৰ স্বত্বাধিকাৰ নৱ চৌধুৰী। ঘটনাৰ পাছতে ব্যৱসায়ীগৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

এই ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী থানাত এক গোচৰ দাখিল কৰা হৈছে।লক্ষণীয় ভাবে কিছুদিন পূৰ্বে পাটাছাৰকুছিত আন দুগৰাকী ব্যৱসায়ী আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। 

এইদৰে সঘনে ব্যৱসায়ীৰ সৈতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাত  নিৰাপত্তাহীনতাত ভূগিছে বজালীৰ ব্যৱসায়ীসকল। তাৰোপৰি শংকা ব্যক্ত কৰিছে সাধাৰণ ৰাইজেও। পাঠশালাত সংঘটিত হোৱা সঘন চুৰি, ডকাইতি ঘটনাত আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাও এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে। 

ডকাইতি বজালী পাঠশালা