ডিজিটেল ডেস্কঃ আগন্তুক ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৎপৰতা আৰম্ভ হৈছে। সেই অনুসৰিয়েই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা এ পি চি চিৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰস্তুতি চলাবলৈ সমষ্টি অনুসৰি ৫ জনীয়া সদস্যৰে একোখনকৈ কমিটী গঠন কৰি দিছে।
এই কমিটীসমূহে সমষ্টিত বৰ্তমানৰ সাংগঠনিক ভেটি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ব্লক কংগ্ৰেছ কমিটী, মণ্ডল কংগ্ৰেছ কমিটী আৰু বুথ কমিটীসমূহক কাৰ্যক্ষম কৰি তুলিব। কমিটীৰ সদস্যসমূহে ব্লক, মণ্ডল আৰু বুথ কমিটীৰ সৈতে বৈঠকত মিলিত হৈ তেওঁলোকক বিভিন্ন সাংগঠনিত দায়িত্ব অৰ্পণ কৰিব আৰু মতামত গ্ৰহণ কৰিব।
নিৰ্বাচন পৰিচালনাৰ বাবে বুথ মেনেজমেণ্ট, মিডিয়া মেনেজমেণ্ট, পোলিং এজেণ্ট আদিৰ সন্দৰ্ভতো এই ৫ জনীয়া কমিটীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। তাৰোপৰি সমস্যাসমূহ চিনাক্ত কৰি নিৰ্বাচনী প্ৰচাৰৰ আন আন সকলো দিশ চোৱাচিতা কৰিব।
উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাৰ্যকৰীকৰণৰ সময়ত সৃষ্টি হ'ব পৰা যিকোনো সমস্যাৰ সমাধান কৰি এই কমিটীয়ে বিধানসভা সমষ্টিটোত সকলো নেতাৰ মাজত সমন্বয় নিশ্চিত কৰিব লাগিব।
বিহালী বিধাসনভা সমষ্টিৰ বাবে এই কমিটীত কনভেনৰৰ দায়িত্ব দিয়া হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু আন ৪ জন সদস্য ক্ৰমে প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, এ পি চি চি কোষাধ্যক্ষ হেম হৰি পেগু, এ পি চি চিৰ সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু আৰু সঞ্জু বৰুৱা।
ছিদলী সমষ্টিৰ বাবে গঠন কৰা এই কমিটীৰ কনভেনৰৰ দায়িত্ব দিয়া হৈছে সাংসদ গৌৰৱ গগৈক। তাৰোপৰি আন সদস্যসকল হৈছে ক্ৰমে এ পি চি চিৰ উপ-সভাপতি নৱজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰী, খালিলুৰ ৰহমান আৰু কনদৰ্প কলিতা।
চামগুৰি বিধানসভা সমষ্টিৰ বাবে গঠন কৰা এই কমিটীৰ কনভেনৰ সাংসদ ৰকিবুল হুছেইন। বাকী সদস্যসকল ক্ৰমে এপ চি চিৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, উপ-সভাপতি নাছিৰ খান, সাধাৰণ সম্পাদক বিতুপন শইকীয়া আৰু সম্পাদক ৰেহান উদ্দিন আহমেদ।
বঙাইগাওঁ বিধানসভা সমষ্টিৰ বাবে গঠন কৰা এই কমিটীৰ কনভেনৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ। বাকী কেইজন সদস্য ক্ৰমে এ পি চি চিৰ উপ-সভানেত্ৰী ববিতা শৰ্মা, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, আনুৱাৰ আহমেদ আৰু সম্পাদক অমৃত বাদশ্বাহ।
ধলাই সমষ্টিৰ বাবে গঠন কৰা ৫ জনীয়া কমিটীৰ কনভেনৰ প্ৰাক্তন মন্ত্ৰী অজিত সিং। তাৰোপৰি সদস্যসক হৈছে ক্ৰমে এ পি চি চিৰ উপ-সভাপতি অৰুণ দত্ত মজুমদাৰ, সাধাৰণ সম্পাদক আনৱাৰ হুছেইন, স্বপন মণ্ডল আৰু আমিনুৰ ৰছিদ চৌধুৰী।
এই কমিটী কেইখনে প্ৰতি ১৫ দিনৰ মূৰে মূৰে উপ-নিৰ্বাচন অন্ত নপৰালৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি, এ আই চি চিৰ সম্পাদক আদিক সমষ্টিত তেওঁলোকে কৰা কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব লাগিব।
Also Read: ঢকুৱাখনাত শংকৰী লোক কৃষ্টি প্ৰশিক্ষণৰ সফল সামৰণি...